এয়াৰ ইণ্ডিয়া, ইণ্ডিগ’ই সলনি কৰিছে আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাৰ পথ

ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে পাকিস্তানে হঠাতে ভাৰতীয় বিমান সেৱাৰ বাবে নিজৰ আকাশমাৰ্গ বন্ধ কৰি দিয়াৰ ফলত এয়াৰইণ্ডিয়া আৰু ইণ্ডিগ’ই বৃহস্পতিবাৰে একাধিক আন্তঃৰাষ্ট্ৰীয় সেৱাৰ বিমানৰ যাত্ৰাপথ সলনি কৰিছে।

author-image
Asomiya Pratidin
New Update
সলনি কৰিছে আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাৰ পথ

সলনি কৰিছে আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাৰ পথ

ডিজিটেল ডেস্ক : ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে পাকিস্তানে হঠাতে ভাৰতীয় বিমান সেৱাৰ বাবে নিজৰ আকাশমাৰ্গ বন্ধ কৰি দিয়াৰ ফলত এয়াৰইণ্ডিয়া আৰু ইণ্ডিগ’ই বৃহস্পতিবাৰে একাধিক আন্তঃৰাষ্ট্ৰীয় সেৱাৰ বিমানৰ যাত্ৰাপথ সলনি কৰিছে। শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত দুয়োখন দেশৰ মাজত কূটনৈতিক উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

Advertisment

এয়াৰইণ্ডিয়াই সতৰ্ক কৰি দিছে যে উত্তৰ আমেৰিকা, ব্ৰিটেইন, ইউৰোপ আৰু মধ্যপ্ৰাচ্যলৈ বিমান সেৱাত পাকিস্তানৰ ভূখণ্ডক পাৰ হৈ যোৱা, ইন্ধন ব্যয়বহুল পথৰ প্ৰয়োজন হ’ব। পাকিস্তানৰ আকাশমাৰ্গ বন্ধ হোৱাৰ বাবে উত্তৰ আমেৰিকা, ব্ৰিটেইন, ইউৰোপ, আৰু মধ্যপ্ৰাচ্যলৈ অহা-যোৱা কৰা ইয়াৰ কেইবাখনো বিমান এতিয়া বৰ্ধিত বিকল্প পথত চলিব। বিমান সংস্থাটোৱে এক্সৰ জৰিয়তে সদৰি কৰে যে, ‘এই নিষেধাজ্ঞা আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত, কিন্তু গ্ৰাহক আৰু ক্ৰুৰ সুৰক্ষা সৰ্বোচ্চ। নিষেধাজ্ঞাৰ বাবে আমাৰ যাত্ৰীসকলৰ হোৱা অসুবিধাৰ বাবে আমি দুখ প্ৰকাশ কৰিছো"

ইফালে ইণ্ডিগ'ৱেও একেদৰেই মাচুল বিনামূলীয়াকৈ পুনৰ বুকিং আৰু ধন ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিছে। 'আমাৰ কেইখনমান আন্তঃৰাষ্ট্ৰীয় বিমানৰ ওপৰত প্ৰভাৱ পৰিছে' বুলি উল্লেখ কৰে ইণ্ডিগ'ৱে। উল্লেখযোগ্য যে, বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ অধ্যক্ষতাত পাকিস্তানৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সমিতিৰ উচ্চ পৰ্যায়ৰ জৰুৰীকালীন বৈঠকত আকাশমাৰ্গ বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।

জম্মু-কাশ্মীৰ পেহেলগাম পাকিস্তান