/asomiyapratidin/media/media_files/2025/06/18/air india 18-4976284f.jpg)
ডিজিটেল ডেস্কঃ দিল্লীৰ পৰা বালি অভিমুখে যোৱা এখন এয়াৰ ইণ্ডিয়াৰ বিমান গন্তব্যস্থলী পোৱাৰ পূ্ৰ্বেই পুনৰ ঘূৰাই অনা হয়। পিছত সুৰক্ষিতভাৱে দিল্লীত এই বিমানখনে অবতৰণ কৰে আৰু সকলো যাত্ৰীক সফলভাৱে বিমানখনৰ পৰা নমোৱা হয়।
জানিব পৰা মতে এয়াৰ ইণ্ডিয়াৰ ফ্লাইট এআই২১৪৫ বালি অভিমুখে গতি কৰা গন্তুব্যস্থলী পোৱাৰ পূৰ্বেই এক জ্বলন্ত আগ্নেয়গিৰিৰ সন্মুখীন হয়। ফলত সতৰ্কতা অনুসৰণ কৰি বিমানখন মাজ আকাশৰ পৰা পুনৰ দিল্লীলৈ ঘূৰাই অনা হয়। এয়াৰ ইণ্ডিয়াৰ বিবৃতি অনুসৰি যাত্ৰীৰ নিৰাপত্তাৰ কথা চিন্তা কৰিয়েই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
এয়াৰ ইণ্ডিয়াই এক বিবৃতিত কয়, “১৮ জুন ২০২৫ তাৰিখে দিল্লীৰ পৰা বালিলৈ ৰাওনা হোৱা AI2145 ফ্লাইটখনক বালিৰ ওচৰত হোৱা আগ্নেয়গিৰিৰ উগদিৰণৰ খবৰ পোৱাৰ বাবে ঘূৰি আহিবলৈ নিৰ্দেশ দিয়া হয়। ফ্লাইটখন সুৰক্ষিতভাৱে দিল্লীত অবতৰণ কৰে আৰু সকলো যাত্রীকে সুৰক্ষিত ভাৱে বিমানখনৰ পৰা নামোৱা হয়।”
সংস্থাটোৱে যাত্ৰীৰ অসুবিধাৰ বাবে দুঃখ প্ৰকাশ কৰি কয়, “এই পৰিস্থিতিৰ বাবে যাত্ৰীসকলে যি অসুবিধা ভোগ কৰিব লগা হৈছে তাৰ বাবে আমি আন্তৰিকভাৱে দুঃখিত। এই সকলো যাত্ৰীৰ বাবে হোটেলৰ ব্যৱস্থা, সম্পূৰ্ণ ধন ৰিফাণ্ড অথবা বিনামূলীয়া তাৰিখ পৰিৱৰ্তন সুনিশ্চিত কৰা হৈছে।”
উল্লেখ্য যে শেহতীয়াকৈ আহমেদাবাদত সংঘটিত হোৱা বিমান দুৰ্ঘটনাৰ পিছতে এখনৰ পিছত এখনকৈ বিমানৰ বিসংগতি ধৰা পৰিছে। ১২ জুনৰ পৰা ১৭ জুনলৈকে ৮৩টা ৱাইড-বডি ফ্লাইট বাতিল হৈছে বুলি ডিৰেক্টৰেট জেনেৰেল অৱ চিভিল এভিয়েশনে (DGCA) জনাইছে। ইয়াৰে ৬৬টা হৈছে ব’ইং ৭৮৭ বিমান।
DGCA-এ মঙলবাৰে এয়াৰ ইণ্ডিয়া আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ উচ্চ পদস্থ কৰ্মচাৰীৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠকতো মিলিত হৈছে। এই দুয়োটা সংস্থাই মিলি দৈনিক ১০০০তকৈ অধিক আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা বিমান চলাই আহিছে।
বৈঠকত যুদ্ধ পৰিস্থিতিৰ বাবে ইৰাণৰ আকাশীপথৰ ওপৰত থকা সাম্প্ৰতিক নিষেধাজ্ঞাৰ প্ৰভাৱো পৰ্যালোচনা কৰিছে। এই নিষেধাজ্ঞাৰ বাবেও বহু ফ্লাইট উৰণত বিলম্ব আৰু বাতিল হোৱা দেখা গৈছে।