তাৰ ফোন আৰু কেতিয়াও নাহেঃ পাইলট সুমিত ছাভাৰৱালক শেষ বিদায় দি কান্দোনত ভাগি পৰিল পিতৃ...

ডি এন এ টেষ্টৰ পাছত চিনাক্ত হ'ল আহমেদাবাদৰ শোকাৱহ বিমান দুৰ্ঘটনাত নিহত প্ৰায় ৯০গৰাকী লোকৰ মৃতদেহ। এই মৃতদেহৰ ভিতৰত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ লগতে

New Update
yjyj

ডিজিটেল ডেস্কঃ ডি এন এ টেষ্টৰ পাছত চিনাক্ত হ'ল আহমেদাবাদৰ শোকাৱহ বিমান দুৰ্ঘটনাত নিহত প্ৰায় ৯০গৰাকী লোকৰ মৃতদেহ। এই মৃতদেহৰ ভিতৰত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ লগতে বিমানখনৰ মুখ্য পাইলট সুমিত ছাভাৰৱালৰ মৃতদেহো চিনাক্ত কৰা হয়।

Advertisment

পাইলটগৰাকীৰ মৃতদেহ চিনাক্ত হোৱাৰ পাছতে লৈ যোৱা হয় তেওৰ বাসগৃহলৈ। পাইলটগৰাকীৰ নশ্বৰ দেহক শেষ শ্ৰদ্ধা জ্ঞাপন কৰি শোকত ভাগি পৰে পৰিয়ালবৰ্গ। প্ৰায় দুবছৰৰ পূৰ্বে পত্নীও বিয়োগ ঘটিছিল ছাভাৰৱালৰ। আজি পাইলটগৰাকীৰ নশ্বৰ দেহক প্ৰণাম কৰি ৮৮বছৰীয়া পিতৃয়ে কয় যে, ভগৱানে প্ৰথম মোকেই লৈ নগ'ল কিয়।

৮২০০ ঘণ্টাৰ উৰণৰ অভিজ্ঞতাৰে পুষ্ট আছিল কেপ্টেইন সুমিত ছাভাৰৱাল। লণ্ডনলৈ উৰা মৰাৰ পূৰ্বে ছাভাৰৱালে তেওঁৰ ৮৮ বৰ্ষীয় পিতৃক আশ্বস্ত কৰিছিল যে লণ্ডন পোৱাৰ পিছতে তেওঁলৈ ফোন কৰিব। কিন্তু সেই ফোনটো আৰু পুত্ৰৰ পৰা নাহিল। 

উল্লেখ কৰা প্ৰয়োজন যে,  কেপ্টেইন ছাভাৰৱালৰ সহ-পাইলট আছিল ক্লাইভ কুণ্ডাৰ। ১১০০ ঘণ্টাৰ উৰণৰ অভিজ্ঞতাৰে পুষ্ট আছিল কুণ্ডাৰ। 

আহমেদাবাদ বিমান দুৰ্ঘটনা