/asomiyapratidin/media/media_files/2025/06/17/vnmUqjDdPQ5dY67Z8tfb.jpg)
ডিজিটেল ডেস্কঃ দিন অতিপাত বেয়া চলিছে এয়াৰ ইণ্ডিয়াৰ। আহমেদাবাদৰ শোকাৱহ দুৰ্ঘটনাৰ পিছৰে পৰাই প্ৰতিটো দিনতে এয়াৰ ইণ্ডিয়াৰ এখন হলেও বিমানত ধৰা পৰিছে যান্ত্ৰিক বিজুতি। ১৭জুন, ২০২৫তো এয়াৰ ইণ্ডিয়াৰ এখন বিমানৰ ইঞ্জিন বিকল হোৱাৰ বাবেই কলকাতা বিমান বন্দৰত ১৮০গৰাকী যাত্ৰীক নমাই দিয়া হয় বিমানৰ পৰা।
ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, ছেন ফান্সিকোৰ পৰা মুম্বাইলৈ আহি থকা এখন বিমানত ধৰা পৰিছিল এই ইঞ্জিন বিকল হোৱাৰ ঘটনা। ছেন ফান্সিকোৰ পৰা কলকাতা বিমান বন্দৰ হৈ মুম্বাইলৈ এই বিমানখন যাত্ৰা কৰাৰ কৰা কথা আছিল যদিও কলকাতাতে এই বিমানখনৰ এটা ইঞ্জিন বেয়া হোৱাৰ তথ্য পোহৰলৈ আহে।
ইয়াৰ পিছতে সকলো যাত্ৰীক উক্ত বিমানখনৰ পৰা নমাই অন্য এখন বিমানেৰে মুম্বাইলৈ লৈ যোৱা ব্যৱস্থা কৰা হৈছে। উক্ত বিমানখনত আছিল ১৮০গৰাকী যাত্ৰী আৰু ১৪গৰাকী ক্ৰু মেম্বাৰ। দিনৰ ২বজাত সকলো বিমান যাত্ৰীৰ বাবে অন্য এখন বিমানৰ যোগাৰ কৰাৰ কথা এয়াৰ ইণ্ডিয়াই সদৰি কৰিছে আৰু সকলো যাত্ৰীকে উক্ত ঘটনাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছে।