দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান কলকাতাত অৱতৰণ…

পুনৰ এয়াৰ ইণ্ডিয়াৰ বিমানত সংঘটিত হৈছে বিজুতি। টকিঅ’ৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়া বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ বিমানৰ কেবিনত সৃষ্টি হয় সমস্যাৰ। 

author-image
Asomiya Pratidin
New Update
ghfh

ডিজিটেল ডেস্ক : পুনৰ এয়াৰ ইণ্ডিয়াৰ বিমানত সংঘটিত হৈছে বিজুতি। টকিঅ’ৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়া বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ বিমানৰ কেবিনত সৃষ্টি হয় সমস্যাৰ। 

Advertisment

জানিব পৰা মতে, কেবিনৰ উষ্ণতা সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হয় বিমানখন।  যাৰ বাবে বিমানখনৰ সতৰ্কতামূলক ব্যৱস্থা হিচাপে দেওবাৰে কলকাতালৈ ডাইভাৰ্ট কৰা হয়। পাছত কলকাতাত নিৰাপদে অৱতৰণ কৰে বিমানখন। অৱশ্যে এই সমস্যা সম্পৰ্কত তদন্ত চলি থকা বুলি জানিব পৰা গৈছে।

ঘটনা সন্দৰ্ভত এক বিবৃতিযোগে এয়াৰ ইণ্ডিয়াই কয় যে, যাত্ৰীসকলক নিৰাপদে বিমানৰ পৰা নমোৱা হৈছে। এই ডাইভাৰচনৰ ফলত হোৱা অসুবিধা হ্ৰাস কৰিবলৈ কলকাতাত থকা আমাৰ সহযোগীসকলে যাত্ৰীসকলক প্ৰয়োজনীয় সকলো সহায় আগবঢ়াইছে। অৱশ্যে বিমানখনৰ লগত কি সমস্যা হৈছে সেই সন্দৰ্ভক কোনো তথ্য প্ৰকাশ কৰা নাই সংস্থাটোৱে।

এয়াৰ ইণ্ডিয়া