/asomiyapratidin/media/media_files/2025/07/12/web-ap-air-2025-07-12-11-31-50.jpg)
ডিজিটেল ডেস্কঃ ১২ জুন, ২০২৫ ত আহমেদাবাদৰ বিমান দুৰ্ঘটনা সংঘটিত হোৱাৰ ঠিক এমাহৰ পাছত এই বিমান দুৰ্ঘটনা সন্দৰ্ভত বিমান অনুসন্ধান ব্যুৰোৰ প্ৰাৰম্ভিক প্ৰতিবেদন প্ৰকাশ পাইছে। নিশা প্ৰকাশ পোৱা এই ১৫ পৃষ্ঠাৰ প্ৰতিবেদনত বহু গুৰুত্বপূৰ্ণ দিশ উন্মোচিত হৈছে।
চলি থকা অৱস্থাত বিমানখনৰ দুয়োটা ইঞ্জিনৰ ইন্ধনৰ চলাচল এটা ছেকেণ্ডৰ ভিতৰতে বন্ধ হৈ যোৱাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হৈছে বুলি প্ৰতিবেদনে নিশ্চিত কৰিছে যদিও সেই ইন্ধন কিদৰে বন্ধ হ’ল সেয়া এতিয়া ডাঙৰ প্ৰশ্ন হিচাপে থিয় দিছে। ইফালে বিমানখনৰ ইঞ্জিন বিকল আছিল বুলিও ক’ব বিচৰা নাই এই প্ৰতিবেদনখনত।
১৫ পৃষ্ঠাৰ প্ৰতিবেদনখনত কি আছে?
- দুৰ্ঘটনাৰ ঠিক আগে আগে দুয়োটা ইঞ্জিনৰ ইন্ধন ‘ৰাণ’ৰ পৰা ‘কাটঅফ’ মোডলৈ গৈছিল।
- ইঞ্জিন বন্ধ হোৱাৰ ঠিক আগতেই বিমানখনে সৰ্বোচ্চ গতি (১৮০ নট আই এ এছ) লাভ কৰিছিল। তাৰ পিছত, দুয়োটা ইঞ্জিন এটা এটাকৈ বন্ধ হৈছিল।
- দুৰ্ঘটনাৰ ঠিক আগে আগে দুয়োজন পাইলটৰ মাজত হোৱা কথা-বতৰাও ৰাজহুৱা হৈছিল। এজন পাইলটে কৈছে, ‘ইঞ্জিনটো কিয় বন্ধ কৰি দিলে?’ আনজন পাইলটে ক’লে, ‘মই একো বন্ধ কৰা নাই।’
- ইঞ্জিন বন্ধ হোৱাৰ পিছত জৰুৰীকালীন ভিত্তিত RAT (‘Ram Air Turbine’) সক্ৰিয় কৰা হৈছিল। এই RAT এ জৰুৰীকালীন ভিত্তিত ইঞ্জিনলৈ স্বয়ংক্ৰিয়ভাৱে শক্তি যোগান ধৰে। কিন্তু ইওঁ কোনো সহায় নকৰিলে।
- বিমানখনৰ থ্ৰাষ্ট লিভাৰ নিষ্ক্ৰিয় হৈ থকা দেখা গৈছিল। কিন্তু ব্লেক বক্সৰ তথ্যত কোৱা হৈছে যে টেক অফৰ পিছত থ্ৰাষ্ট ঠিকেই আছিল।
- উৰণৰ সময়ত বিমানখনৰ অৱস্থা ঠিকেই আছিল। ইন্ধন যোগানৰ কোনো সমস্যাও হ’ব নালাগে।
- উৰণৰ সময়ত ফ্লেপৰ ছেটিংছ আৰু গিয়াৰো স্বাভাৱিক আছিল। লগতে সঠিকভাৱে পৰীক্ষা কৰা হৈছিল।
- চৰাইৰ আঘাতৰ বাবে এই দুৰ্ঘটনা হ’ব নোৱাৰে। সেইদিনা দৃশ্যমানতাৰো কোনো সমস্যা নাছিল।
- বিমানখনৰ ওজন আৰু ভাৰসাম্য স্বাভাৱিক আছিল। বিপদজনক সামগ্ৰীও নাছিল।
- ইন্ধনৰ চুইচত কোনো ধৰণৰ বিজুতি ঘটিছিল নেকি? সেই বিষয়ে এতিয়াও তদন্ত হোৱা নাই।
কিদৰে বন্ধ হ’ল বিমানখনৰ
এতিয়া প্ৰশ্ন হয় বিমানখনৰ ইন্ধন কিয় কৰ্তন হৈছিল? যান্ত্ৰিক বিজুতি আছিল নেকি? নে সঁচাকৈয়ে কোনোবা পাইলটে ভুলবশতঃ ইন্ধন কাটি দিছিল?
দুৰ্ঘটনাটোৰ প্ৰাৰম্ভিক প্ৰতিবেদনত চৰাইৰ আঘাতৰ কথা উল্লেখ কৰা হোৱা নাই। বিমান সংস্থা বয়িঙকো কোনো জাননী দিয়া হোৱা নাছিল। কিন্তু যান্ত্ৰিক বিজুতি যে সংঘটিত হৈছিল সেয়া প্ৰায় নিশ্চিত।
বিধ্বস্ত বিমানখনৰ পাইলট সুমিত সভাৰৱালৰ ৮২০০ ঘণ্টাৰ উৰণৰ অভিজ্ঞতা আছিল। সহ-পাইলট আছিল ক্লাইভ কুণ্ডাৰ। তেওঁৰ উৰণ অভিজ্ঞতা আছিল ১১০০ ঘণ্টা। উৰণ আৰম্ভ হোৱাৰ পিছত এই দুই পাইলটে ভুলতে ইন্ধন কৰ্তন কৰাৰ ঘটনা সম্পূৰ্ণ অস্বাভাৱিক।