কঠোৰ পৰীক্ষাৰ মাজতে বাতিল এয়াৰ ইণ্ডিয়াৰ ৭খন বিমানঃ আছে ৬খন ড্ৰিমলাইনাৰ

মঙলবাৰৰ দিনটোত বিমান সংস্থা এয়াৰ ইণ্ডিয়াৰ মুঠ ৭ খন আন্তঃৰাষ্ট্ৰীয় বিমান বাতিল কৰা হৈছে। বাতিল কৰা এই বিমানকেইখনৰ ভিতৰত আছে ছখন বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ।

author-image
Asomiya Pratidin
New Update
 কঠোৰ পৰীক্ষাৰ মাজতে বাতিল এয়াৰ ইণ্ডিয়াৰ ৭খন বিমানঃ আছে ৬খন ড্ৰিমলাইনাৰ

ডিজিটেল ডেস্কঃ মঙলবাৰৰ দিনটোত এয়াৰ ইণ্ডিয়াৰ মুঠ ৭ খন আন্তঃৰাষ্ট্ৰীয় বিমান বাতিল কৰা হৈছে। বাতিল কৰা এই বিমানকেইখনৰ ভিতৰত আছে ছখন বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ। এই ৭ খন বিমান বাতিলৰ কাৰণ হৈছে কাৰিকৰী বিজুতি আৰু পশ্চিম এছিয়াৰ যুদ্ধ পৰিবেশৰ বাবে সালসলনি হোৱা আকাশী পথৰ বাবে বিমানৰ অনুপলব্ধতা।

Advertisment

উল্লেখ্য যে, আহমেদাবাদৰ পৰা লণ্ডন অভিমুখে উৰা মৰা এয়াৰ ইণ্ডিয়াৰ এখন বিমানৰ ভয়াবহ দুৰ্ঘটনাত  বিমানখনত থকা ২৪২ জন ব্যক্তিৰ ভিতৰত ২৪১ জন যাত্ৰীৰে মৃত্যু হোৱাৰ লগতে দুৰ্ঘটনাগ্ৰস্ত অঞ্চলটোৰ অন্যান্য লোকৰ সৈতে মুঠ মৃতকৰ সংখ্যা ২৭০ জনৰো অধিক হৈছে। 

এনে পৰিস্থিতিৰ পিছত  বাৰে বাৰে উৰণৰ প্ৰাকমুহূৰ্তত আৰু উৰণৰ সময়তো এয়াৰ ইণ্ডিয়াৰ বহু কেইখন বিমানত দেখা দিয়া কাৰিকৰী বিজুতিয়ে যাত্ৰীসকলক ভীতিগ্ৰস্ত কৰি তোলাৰ লগতে পৰিস্থিতি জটিল হৈ পৰিছে। সেয়ে সমগ্ৰ বিষয়টোৰ প্ৰতি দৃষ্টি ৰাখি এয়াৰ ইণ্ডিয়াৰ বিমানত দেখা দিয়া কাৰিকৰী বিজুতি আৰু সুৰক্ষাৰ সকলো দিশ পৰ্যালোচনাৰ বাবে বৈঠকো অনুষ্ঠিত হৈছে।

উল্লেখ্য যে, আজি বাতিল হোৱা  ৭ খন বিমানৰ ভিতৰত দিল্লী-পেৰিছলৈ যাবলগীয়া বিমানখনৰ সন্দৰ্ভত এয়াৰ ইণ্ডিয়াই কয় যে বিমানখন উৰণৰ পূৰ্বে কৰা পৰীক্ষাত কিছু কাৰিকৰী সমস্যা পোহৰলৈ আহে। আহমেদাবাদৰ পৰা লণ্ডনলৈ যাবলগীয়া বিমানখন আকৌ যুদ্ধ পৰিস্থিতিত আকাশী পথৰ অনুপলব্ধতাৰ বাবেই এই বাতিল কৰা হৈছে।

আন আন বিমানৰ বাতিলৰ কাৰণ সঠিকভাৱে জানিব পৰা হোৱা নাই। উল্লেখ্য যে, ১২ জুনত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছতে এয়াৰ ইণ্ডিয়াই নিজৰ বিমানসমূহৰ সুৰক্ষা পৰীক্ষা বৃদ্ধি কৰিছে। বিশেষকৈ বয়িং ৭৮৭ ড্ৰিমলাইনাৰৰ বিমানসমূহৰ। 

এই পৰীক্ষাসমূহে বিমান সংস্থাটোৰ বিমানৰ সময়সূচীৰ ওপৰত প্ৰভাৱে পেলাইছে সেয়ে বিমানসমূৰ নিয়মীয়া উৰণ বাতিল কৰিবলগীয়া হৈছে।এয়াৰ ইণ্ডিয়াই এক বিবৃতিত কয় যে, আমাৰ যাত্ৰীসকলৰ বাবে হোৱা অসুবিধাৰ বাবে আমি দুখ প্ৰকাশ কৰিছো আৰু তেওঁলোকক অতি সোনকালে গন্তব্যস্থানলৈ বিমানেৰে উৰুৱাই নিয়াৰ বিকল্প ব্যৱস্থা কৰিছো।

স্মৰ্তব্য যে, বিগত সপ্তাহত সংঘটিত হোৱা দুৰ্ঘটনাৰ পিছত প্ৰথমখন এয়াৰ ইণ্ডিয়াৰ বিমান এআই-১৫৯ আহমেদাবাদৰ পৰা লণ্ডন অভিমুখে মঙলবাৰে দিনৰ ১.১০ বজাত উৰণৰ কথা আছিল। কিন্তু আকাশী পথৰ উপলব্ধতা নোহোৱাত এই বিমানখন বাতিল কৰিবলগীয়া হয়। 

একেদৰে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা পেৰিছৰ চাৰ্লছ ডি গ’ল (জিডিজি) বিমানবন্দৰলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ বিমানখনো মঙলবাৰে বাতিল কৰা হয়। বিমানখনৰ প্ৰি-ফ্লাইট পৰীক্ষাৰ সময়ত কাৰিকৰী বিজুতি ধৰা পৰিছিল। এই বিমানখনৰ যাত্ৰীৰ বাবে হোটেলৰো ব্যৱস্থা কৰিছে বিমান সংস্থাটোৱে।

ছান ফ্ৰান্সিস্কোৰ পৰা কলকাতা হৈ মুম্বাইলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ এ আই ১৮০ বিমান এখনো কলকাতাত যান্ত্ৰিক বিজুতি হৈ আৱদ্ধ হৈ আছে। ফলত মুম্বাইলৈ যাবলগীয়া যাত্ৰীসকল কলকাতাতে আৱদ্ধ হৈ থকাৰ লগতে একাংশ যাত্ৰীয়ে বিকল্প ব্যৱস্থাৰে মুম্বাইলৈ যাত্ৰা কৰিছে। 

ইফালে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে এয়াৰ ইণ্ডিয়া আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিষয়াসকলৰ সৈতে এক জৰুৰী বৈঠকৰ আহ্বান জনাইছে। ডিজিচিএৰ সঞ্চালক প্ৰধানে এই বৈঠকত সভাপতিত্ব কৰাৰ সম্ভাৱনা আছে।

শেহতীয়াকৈ আহমেদাবাদ দুৰ্ঘটনাকে ধৰি এয়াৰ ইণ্ডিয়াৰ বিমানৰ সৈতে জড়িত কাণ্ড আৰু ড্ৰিমলাইনাৰ বিমানৰ সমস্যাৰ পিছত এই কথা প্ৰকাশ পাইছে। বৈঠকৰ কাৰ্যসূচী এতিয়াও স্পষ্ট হোৱা নাই যদিও ইয়াত এয়াৰ ইণ্ডিয়াই শেহতীয়াকৈ প্ৰকাশ কৰা বিমান বাতিল, ডাইভাৰচন, আৰু পলমৰ বিষয়ে আলোচনা কৰিব পাৰে।

আজি বাতিল কৰা বিমানসমূহ


AI915 - দিল্লীৰ পৰা ডুবাইলৈ - B788 ড্ৰিমলাইনাৰ
AI153 - দিল্লীৰ পৰা ভিয়েনালৈ - B788 ড্ৰিমলাইনাৰ
AI143 - দিল্লীৰ পৰা পেৰিছলৈ - B788 ড্ৰিমলাইনাৰ
AI159 - আহমেদাবাদৰ পৰা লণ্ডনলৈ - B788 ড্ৰিমলাইনাৰ
AI170 - লণ্ডনৰ পৰা অমৃতসৰলৈ - B788 ড্ৰিমলাইনাৰ
AI133 - বেংগালুৰুৰ পৰা লণ্ডনলৈ - B788 ড্ৰিমলাইনাৰ
AI179 - মুম্বাইৰ পৰা চান ফ্ৰান্সিস্কোলৈ - B777

 

বিমান দুৰ্ঘটনা এয়াৰ ইণ্ডিয়া