কাটাৰেৰে বিমান সেৱা বন্ধ কৰিলে এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ’ই

ইৰাণ আৰু আমেৰিকাৰ মাজত যুদ্ধ চলি থকাৰ ফলত পশ্চিম এছিয়াত বৃদ্ধি পাইছে উত্তজেনা ৷ যাৰ বাবে কাটাৰ আৰু উপসাগৰীয় অঞ্চলৰ কিছু অংশত আকাশমাৰ্গ বন্ধ কৰি দিয়া হৈছে ৷ সেয়ে এয়াৰ ইণ্ডিয়াকে ধৰি ভাৰতীয় একাধিক বিমান সংস্থাই বিমান সেৱা বন্ধ কৰি দিছে ।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
fhgf

ডিজিটেল ডেস্ক : ইৰাণ আৰু আমেৰিকাৰ মাজত যুদ্ধ চলি থকাৰ ফলত পশ্চিম এছিয়াত বৃদ্ধি পাইছে উত্তজেনা ৷ যাৰ বাবে কাটাৰ আৰু উপসাগৰীয় অঞ্চলৰ কিছু অংশত আকাশমাৰ্গ বন্ধ কৰি দিয়া হৈছে ৷ সেয়ে এয়াৰ ইণ্ডিয়াকে ধৰি ভাৰতীয় একাধিক বিমান সংস্থাই বিমান সেৱা বন্ধ কৰি দিছে ।

Advertisment

উল্লেখযোগ্য যে, আমেৰিকাৰ সামৰিক ঘাটিত ইৰাণে ক্ষেপণাস্ত্ৰ আক্ৰমণ কৰাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। এয়াৰ ইণ্ডিয়াৰ দৰে অনুৰূপ ধৰণে ইণ্ডিগ’ই নিজৰ এক্স হেণ্ডলযোগে ঘোষণা কৰিছে যে মঙলবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ উপসাগৰীয় আৰু পশ্চিম এছিয়াৰ কেইবাটাও গন্তব্যস্থানলৈ আৰু অহা-যোৱা কৰা বিমান সেৱা বন্ধ কৰা হৈছে ।
এক্সযোগে ইণ্ডিগ’ বিমান সংস্থাই উল্লেখ কৰে যে, ‘‘মধ্যপ্ৰাচ্যৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ডুবাই, ডোহা, বাহৰেইন, ডাম্মাম, আবুধাবি, কুৱেইট, মদিনা, ফুজাইৰা, জেদ্দা, মাস্কাট, শ্বাৰজাহ, ৰিয়াদ, ৰাছ এআই-খাইমাহ আৰু টিবিলিচিলৈ অহা-যোৱা কৰা আমাৰ বিমান সেৱা ১০০ ঘণ্টাৰ বাবে স্থগিত ৰখা হৈছে ।’’

একেদৰে আকাছা এয়াৰেও ২৩ আৰু ২৪ জুন এই দুটা দিনৰ বাবে ডোহা, কুৱেইট আৰু আবুধাবিলৈ অহা-যোৱা কৰা সকলো বিমান বাতিল কৰে । আকাছা এয়াৰে কয়- "মধ্যপ্ৰাচ্যৰ কিছু অংশত আকাশমাৰ্গ বন্ধ হোৱাৰ পিছত ২০২৫ৰ ২৩ আৰু ২৪ জুন তাৰিখে ডোহা, কুৱেইট আৰু আবুধাবিলৈ অহা-যোৱা কৰা আমাৰ বিমান সেৱা বাতিল কৰা হৈছে । আমি মধ্যপ্ৰাচ্য অঞ্চলৰ পৰিস্থিতিৰ ওপৰত সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছো।

কাটাৰ