৯৩ সংখ্যক বায়ু সেনা দিৱস উপলক্ষে এয়াৰ শ্ব'ৰে উজলি উঠিব মহানগৰীৰ আকাশ...

মহানগৰীৰ গুৱাহাটীৰ লাচিত ঘাটত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানৰ অংশ হিচাপে দুপৰীয়া ১২.৩০ বজাৰ পৰা দিনৰ ২ বজালৈ এয়াৰ শ্ব' অর্থাৎ যুদ্ধ বিমানৰ উৰণ কৌশল প্রদর্শন কৰা হ'ব।

New Update
1

ডিজিটেল ডেস্কঃ  আজি উদযাপন কৰা কৰা হ'ব ৯৩ সংখ্যক বায়ু সেনা দিৱস। বায়ু সেনা দিৱসৰ মূল উদ্দেশ্য হৈছে দেশৰ আকাশসীমা সুৰক্ষা কৰা লগতে দেশৰ সুৰক্ষাত অৱদান আগবঢ়োৱা বীৰসকলক সন্মান জনোৱা। বায়ু সেনা দিৱসত ভাৰতীয় বায়ু সেনাৰ বীৰত্ব আৰু অদম্য সাহসিকতাৰ সন্মানত পালন কৰা হয়। 

WhatsApp Image 2025-11-08 at 10.59.20 PM (1)

এই উপলক্ষে আজি মহানগৰীৰ গুৱাহাটীৰ লাচিত ঘাটত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানৰ অংশ হিচাপে দুপৰীয়া ১২.৩০ বজাৰ পৰা দিনৰ ২ বজালৈ এয়াৰ শ্ব' অর্থাৎ যুদ্ধ বিমানৰ উৰণ কৌশল প্রদর্শন কৰা হ'ব।

এয়াৰ শ্ব'ৰ যোগেদি অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ জনোৱা হ'ব শ্ৰদ্ধাঞ্জলি। দেওবাৰে ভাৰতীয় বায়ুসেনাৰ এয়াৰ শ্ব'ৰে উজলি উঠিব মহানগৰীৰ আকাশ, বতাহত উচ্চাৰিত হ'ব যুদ্ধ বিমানৰ শব্দ।জুবিন গাৰ্গৰ 'মায়াৱিনী ৰাতিৰ বুকুত' শীৰ্ষক জনপ্ৰিয় গীতটিৰ সুৰত কাইলৈ গুৱাহাটীৰ লাচিত ঘাটত ভাৰতীয় বায়ু সেনাৰ এয়াৰ শ্ব' প্ৰদৰ্শন কৰা হ'ব । 

WhatsApp Image 2025-11-08 at 10.59.20 PM

কেন্দ্রীয়ভাৱে আয়োজিত এই এয়াৰ শ্ব'ত ৰাফেল, মিগ, চুখয় আদিৰ দৰে ৭৫ খন বিমানে ভাগ ল'ব। এই এয়াৰ শ্ব' উপভোগৰ বাবে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্র-ছাত্রীসকলৰ লগতে বৃদ্ধাশ্রমৰ আবাসীসকলক আমন্ত্রণ জনোৱা হৈছে। গুৱাহাটীৰ উজান বজাৰৰ সতী ৰাধিকা উদ্যানৰ পৰা ইচ্ছুক ব্যক্তিসকলে ফ্লাইং শ্ব' চাব পাৰিব।

জনসাধাৰণে সুবিধা অনুযায়ী গুৱাহাটীৰ নিজৰ ঘৰৰ পৰাও এই শ্ব'টো উপভোগ কৰিব পাৰিব। মহানগৰীৰ অশ্বক্লান্ত মন্দিৰৰ প্ৰাংগণত অতিথিৰ বাবে এয়াৰ শ্ব' চোৱাৰ ব্যৱস্থা কৰা হৈছে। এই উপলক্ষে গুৱাহাটীত যান-বাহন চলাচলৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

WhatsApp Image 2025-11-08 at 10.59.19 PM

বাণিজ্যিক সামগ্রী কঢ়িওৱা বাহন তথা অন্য গধুৰ বাহনক এইচ বি ৰোড, এ টি ৰোড, ডিজি ৰোড, এম জি ৰোড, বি বৰুৱা ৰোড, জি এন বি ৰোডত আজি আৰু কাইলৈ পুরা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ চলাচলৰ অনুমতি দিয়া হোৱা নাই।

সেই সময়খিনিত ঠেলা, বিক্সা আদি বাহনক এম জি ৰোডত মাছখোৱাৰ পৰা মুখ্য ন্যায়াধীশৰ বাংলোলৈকে চলাচল কৰাত বাধা আৰোপ কৰা হৈছে। ভাৰতীয় বায়ু সেনাই জাৰি কৰা আৰু বিতৰণ কৰা অনুমতিপত্র থকা বাহনৰ বাহিৰে আন কোনো বাহন দিনৰ এঘাৰ বজাৰ পৰা বিয়লি ৫ বজালৈ সেই অঞ্চলত চলাচলৰ অনুমতি দিয়া নাই।

 খানাপাৰাৰ পৰা ভৰলুমুখৰ ফালে অহা সকলো চিটিবাছ জি এছ বোড, এ টি ৰোড, আঠগাঁও হৈ গৈ পানবজাৰৰ আৰ বি আই হৈ ঘূৰিবলৈ দিয়া নাই। চিটিবাছৰ বাহিৰে জালুকবাৰীৰ পৰা অহা কোনো গধুৰ বাহন মহানগৰীত প্ৰৱেশ কৰিবলৈ দিয়া নাই।

বায়ু সেনা