Published on:
Updated on:
- প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু নাই
- বিয়লি ৫.০৫ বজাত এইমছত শেষ নিশ্বাস ত্যাগ কৰিলে অটল বিহাৰী বাজপেয়ীয়ে।
- এইমছ কৰ্তৃপক্ষই বিবৃতিযোগে সদৰী কৰে এই তথ্য।
- যোৱা দুমাহ ধৰি এইমছত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী।
- শেহতীয়াকৈ লাইফ ছাপৰ্টিং ছিষ্টেমত আছিল বাজপেয়ী।
- ৯৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বাজপেয়ীয়ে।
- তেওঁ প্ৰধানমন্ত্ৰীৰূপে ১৯৯৯চনৰ পৰা ২০০৪চনলৈ ৫বছৰ কাৰ্যকাল সম্পন্ন কৰিছিল।
- ৫ বছৰ কাৰ্যকাল সম্পন্ন কৰা তেওঁ আছিল প্ৰথম অকংগ্ৰেছী প্ৰধানমন্ত্ৰী।
- বাজপেয়ী আছিল এজন সুবক্তা আৰু কবি।
- তেওঁৰ মৃত্যুত দেশজুৰি শোকৰ লহৰ।
- ভাৰতীয় ৰাজনৈতিক ইতিহাসত অতি জনপ্ৰিয় ৰাজনীতিবিদ আছিল অটল বিহাৰী বাজপেয়ী।
Code:
Asomiya Pratidin
www.asomiyapratidin.in