/asomiyapratidin/media/media_files/2025/03/06/HZ4ZMnxhAms5pUH1tr4X.jpg)
অনাগত ৩বছৰত ভাৰতত নিৰ্মাণ কৰিব ১০০ শতাংশ পি চি
ডিজিটেল ডেস্ক : দেশৰ কাৰিকৰী খণ্ডলৈ আশাব্যঞ্জক খবৰ ! অনাগত ৩বছৰত ভাৰতত ব্যক্তিগত কম্পিউটাৰ চমুকৈ পি চি নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আহিছে অগ্ৰণী বৈদ্যুতিক সামগ্ৰী প্ৰস্তুতকৰ্তা প্ৰতিষ্ঠান লেন’ভ’ই।
বুধবাৰে গ্ল’বেল টেকন’লজি মেজৰ লেন’ভ’ই জনোৱা মতে, অহা তিনি বছৰত কোম্পানীটোৱে ভাৰতৰ পৰাই নিজৰ সকলো ব্যক্তিগত কম্পিউটাৰ (পিচি) মডেল নিৰ্মাণ কৰিব। এই সময়ছোৱাত প্ৰতিষ্ঠানটোৱে নিজৰ পি চি ব্যৱসায়ৰ বাবে ১০০ শতাংশ উৎপাদন স্পৰ্শ কৰাৰ লক্ষ্য লৈছে বুলি কোম্পানীটোৰ জ্যেষ্ঠ কাৰ্যবাহীসকলে জনায়। ইয়াৰ ভিতৰত এআই-পিচিত ইয়াৰ অফাৰো অন্তৰ্ভুক্ত হ’ব বুলি জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে এই সন্দৰ্ভত লেন’ভ’ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক শৈলেন্দ্ৰ কাটিয়ালে কয় যে, ভাৰতত মুঠ পি চি বিক্ৰীৰ ভিতৰত কোম্পানীটোৱে ৩০ শতাংশ স্থানীয়ভাৱে উৎপাদন কৰিছিল। তাৰোপৰি অহা বছৰ ৫০ শতাংশত উপনীত হ’ব আৰু অৱশেষত তিনি বছৰৰ পাছত ১০০ শতাংশ হ’ব।
কাটিয়ালে লগতে কয়- ১ এপ্ৰিলৰ পৰা ইয়াৰ ইণ্ডিয়া মেনুফেকচাৰিং হাবৰ পৰা প্ৰথম এআই চালিত চাৰ্ভাৰ ৰোল আউট কৰা হ’ব। মুম্বাইত অনুষ্ঠিত হ’বলগীয়া ফাৰ্মখনৰ ফ্লেগশ্বিপ ইভেণ্ট লেন’ভ’ টেকৱৰ্ল্ড ইণ্ডিয়া ২০২৫ত চাৰ্ভাৰ ৰোল আউট কৰা হ’ব।
এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে ভাৰতত নিজৰ উৎপাদন ভিত্তি শক্তিশালী কৰাৰ লগতে লেন’ভ’ই এআই প্ৰতিভাৰ ওপৰতো চকু ৰাখিছে। একেদৰে নিজৰ গৱেষণা আৰু বিকাশৰ ক্ষমতা সম্প্ৰসাৰণ কৰিবলৈ বিচাৰিছে।
কোম্পানীটোৱে বেংগালুৰুত আন এটা আৰ এণ্ড ডি চেণ্টাৰ স্থাপন কৰাৰ কথা ঘোষণা কৰিছে, কিয়নো ইয়াৰ জৰিয়তে ভাৰতক এআই হাব হিচাপে গঢ়ি তোলাৰ কথা ভাবিছে প্ৰতিষ্ঠানটোৱে।