আমেৰিকাৰ চিকাগোত ৪৬ সংখ্যক অসম কনভেনচনত অভিনেত্ৰী আইমী বৰুৱা

তেওঁ ড০ ভূপেন হাজৰিকাৰ চিনেমা আৰু সংগীতৰ অৱদানৰ চিৰস্থায়ী প্ৰাসংগিকতা আৰু শিল্পীগৰাকীৰ দৃষ্টিভংগীয়ে কেনেকৈ বিশ্বজুৰি প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে সেই বিষয়ে আলোকপাত কৰে।

author-image
Asomiya Pratidin
New Update
new ap web 1  (3)

ডিজিটেল সংবাদ,গুৱাহাটীঃ  ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেত্ৰী তথা চলচ্চিত্ৰ নিৰ্মাতা আইমী বৰুৱাই শেহতীয়াকৈ ৩ জুলাইৰ পৰা ৫ জুলাইলৈ আমেৰিকাৰ চিকাগোত অনুষ্ঠিত ৪৬ সংখ্যক অসম কনভেনচন ২০২৫ত অংশগ্ৰহণ কৰে।

Advertisment

কাৰ্যসূচীৰ অংশ হিচাপে ৫ জুলাই, শনিবাৰে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে গ্ৰেণ্ড বলৰুমৰ মঞ্চত 'ভূপেন হাজৰিকাৰ লিগেচী’ শীৰ্ষক বিষয়ত চমু বক্তব্য আগবঢ়ায়। ভাষণত তেওঁ ড০ ভূপেন হাজৰিকাৰ চিনেমা আৰু সংগীতৰ অৱদানৰ চিৰস্থায়ী প্ৰাসংগিকতা আৰু শিল্পীগৰাকীৰ দৃষ্টিভংগীয়ে কেনেকৈ বিশ্বজুৰি প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে সেই বিষয়ে আলোকপাত কৰে।

 ইয়াৰ উপৰি আইমী বৰুৱাই সংযুক্তা ক্ৰিয়েচনে প্ৰতিনিধিত্ব কৰা বিশেষ সাংস্কৃতিক ফেশ্বন শ্ব’ৰ ৰেম্পতো খোজ কাঢ়ে। জনপ্ৰিয় অভিনেত্ৰী তথা চলচ্চিত্ৰ নিৰ্মাতা আইমী বৰুৱাৰ উপস্থিতিয়ে আন্তঃৰাষ্ট্ৰীয় মঞ্চত পৰম্পৰা আৰু সমসাময়িক অসমীয়া পৰিচয়ৰ সংমিশ্ৰণক দাঙি ধৰে।

আইমী বৰুৱা