Advertisment

পথ দুৰ্ঘটনা প্ৰতিৰোধৰ লক্ষ্য : ঢকুৱাখনাত আৰক্ষী আৰু আবকাৰী বিভাগৰ যৌথ অভিযান...

নৱবর্ষৰ প্ৰাকক্ষণত ঢকুৱাখনা সদৰ থানাৰ আৰক্ষী সস্তম হৈছে সুৰাপায়ী চালক আৰু যান বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে । বৃহস্পতিবাৰে নিশা ঢকুৱাখনা আবকাৰী বিভাগৰ যৌথ অভিযান চলে নগৰৰ বিভিন্ন অংশৰ ৰাজপথত । 

author-image
Asomiya Pratidin
New Update
dhakuakhana

dhakuakhana

ডিজিটেল সংবাদ, ঢকুৱাখনা : নৱবর্ষৰ প্ৰাকক্ষণত ঢকুৱাখনা সদৰ থানাৰ আৰক্ষী সস্তম হৈছে সুৰাপায়ী চালক আৰু যান বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে । বৃহস্পতিবাৰে নিশা ঢকুৱাখনা আবকাৰী বিভাগৰ যৌথ অভিযান চলে নগৰৰ বিভিন্ন অংশৰ ৰাজপথত । 

Advertisment

সদৰ থানাৰ অ’ চি প্ৰিয়ব্রত গগৈৰ নেতৃত্বত, আবকাৰী বিভাগৰ চক্ৰ বিষয়া পৰাগ চেতিয়াৰ সহযোগত ঢকুৱাখনা ব্লক চাৰিআলি, টাউন তিনিআলি আৰু সদৰ চাৰিআলিত অভিযান চলাই ১০ গৰাকী সুৰামত্ত চালক আৰু যান- বাহন আইন উলংঘাকাৰী চালকক চিনাক্ত কৰে । মুঠ ৫২ গৰাকী চালকৰ "ব্ৰেথ এনালাইজাৰ" পৰীক্ষা কৰাৰ পাছত মুঠ ৭০ হাজাৰ টকা জৰিমনা বিহাৰ লগতে যান- বাহন আইন উলংঘা কৰা ৩ গৰাকী ব্যক্তিৰ পৰা মুঠ ৩ হাজাৰ টকা জৰিমনা সংগ্ৰহ কৰিবলৈ সক্ষম হয় । 

ঢকুৱাখনাত পথ দুৰ্ঘটনা প্ৰতিৰোধৰ লক্ষ্যৰে আৰক্ষী আৰু আবকাৰী বিভাগে ধাৰাবাহিকভাৱে এনে পদক্ষেপ গ্ৰহণ কৰি আহিছে সমগ্ৰ এলেকাত । ঢকুৱাখনা আৰক্ষীয়ে সকলো যান- বাহনৰ চালকক সুৰাপান কৰি বাহন নচলাবলৈ আৰু সকলোকে যান -বাহন আইন মানি চলিবলৈ আহ্বান জনাইছে ।

dhakuakhana Assam police