/asomiyapratidin/media/media_files/2025/02/02/m4B5SVcqAXpAl6Bo6BhH.jpg)
কলা- সংস্কৃতি সংৰক্ষণৰ লক্ষ্য : কোকৰাঝাৰত অনুষ্ঠিত হ'ব এবছুৰ কেন্দ্ৰীয় অধিবেশন
ডিজিটেল সংবাদ, কোকৰাঝাৰ : কোকৰাঝাৰ জিলাৰ দোতমাৰ বডোফা পথাৰত অনুষ্ঠিত হ'বলগীয়া এবছুৰ ৫৭ সংখ্যক কেন্দ্ৰীয় অধিবেশনৰ দেওবাৰে লাইখুঁটা স্থাপন কৰা হয়। সম্পূৰ্ণ বড়ো ৰীতি-নীতিৰে তথা মাংগলিক প্ৰক্ৰিয়াৰে লাইখুটা স্থাপন কৰা হয়।
উক্ত কাৰ্যসূচীত এবছুৰ সভাপতি দ্বীপেন বড়ো, সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰী, কেবিনেট মন্ত্রী উৰ্খাও গৌৰা ব্ৰহ্ম, বিধায়ক জিৰণ বসুমতাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য উকিল মুছাহাৰী, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক সুবুং বসুমতাৰী, কোকৰাঝাৰ কলেজৰ অধ্যক্ষ ডিমাছা ডি নাৰ্জাৰী আদিকে ধৰি বহু বিশিষ্টই অংশগ্ৰহণ কৰে । উল্লেখযোগ্য যে অহা ১৩, ১৪ ,১৫ আৰু ১৬ মাৰ্চত চাৰিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে দোতমাৰ বডোফা পথাৰত নিখিল বড়ো ছাত্র সন্থাৰ ৫৭ সংখ্যক কেন্দ্রীয় অধিবেশন আৰু কোকৰাঝাৰ জিলা এবছুৰ ৫৬ সংখ্যক অধিবেশন অনুষ্ঠিত হ'ব।
/asomiyapratidin/media/media_files/2025/02/02/od4HopwlTvcaCxAq03Ft.jpg)
উক্ত অধিবেশনত কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো আদিকে ধৰি বহু বিশিষ্টই উপস্থিত থাকিব বুলি উদ্যোক্তাই জনায়। ইপিনে লাইখুঁটা স্থাপন কৰাৰ পিছত এবছুৰ সভাপতি দ্বীপেন বড়োৱে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মস্থান, বডোফাৰ সমাধিথলীৰ স্থান দোতমাত অনুষ্ঠিত হ’বলগীয়া অধিবেশনখন ঐতিহাসিক হ'ব বুলি আশা প্ৰকাশ কৰিছে ।
উক্ত অধিবেশনতে এবছুৰ নতুন কেন্দ্ৰীয় সমিতি গঠন কৰা হ'ব। এবছুৰ কেন্দ্ৰীয় অধিবেশনৰ প্ৰতিনিধি সভাত গুণগত শিক্ষা, বড়ো মাধ্যমক আগুৱাই নিয়া, বড়োসকলৰ কলা-কৃষ্টি-সংস্কৃতি-ভাষাক আগুৱাই নিয়া, আৰ্থসামাজিক দিশ শক্তিশালী কৰা আদি বিষয়সমূহ আলোচিত হ'ব বুলি প্ৰকাশ কৰিছে।
/asomiyapratidin/media/media_files/2025/02/02/FzEfcuqRfGeu0CqropRU.jpg)
ইয়াৰোপৰি বিটিআৰৰ সমষ্টি বৰ্ধিতকৰণ, গাঁও অন্তৰ্ভুক্তিকৰণ, বিটিআৰক অধিক ক্ষমতা প্ৰদানৰ বিষয়সমূহ আলোচিত হোৱাৰ লগতে শিক্ষা, অৰ্থনীতিৰ উন্নয়ন, সংস্থাপন, ভূমি, সাহিত্য, কলা- সংস্কৃতি সংৰক্ষণ কৰাটো এই অধিবেশনৰ মূল লক্ষ্য হ’ব বুলি সদৰী কৰিছে দ্বীপেন বড়োৱে। আনহাতে বাজেটত বিটিচিলৈ ৫০ কোটি টকা কমকৈ ধাৰ্য কৰা সন্দৰ্ভত এবছুৰ সভাপতি দ্বীপেন বড়োৱে ৰাজ্যৰ লেখীয়াকৈ কেন্দ্ৰৰ পৰা পোনপোটীয়াকৈ স্বায়ত্বশাসিত পৰিষদসমুহে পুঁজি লাভ কৰাৰ পোষকতা কৰিছে।
/asomiyapratidin/media/media_files/2025/02/02/dtdqa1rI1MVCTh65C5lS.jpg)
উত্তৰ-পূৱত থকা ১০ খন কাউঞ্চিলৰ ভিতৰত বি টি আৰ হ'ল সৰ্ববৃহৎ আৰু ভৌগলিকভাৱে চাবলৈ গ’লে বিটিআৰৰ জনসংখ্যা গোৱা বা চিকিমতকৈ অধিক বুলি মন্তব্য কৰে দ্বীপেন বড়োৱে। তেওঁলগতে কয় যে বাজেট প্ৰভিচন নথকা বাবে কেন্দ্ৰই গ্ৰাণ্ট -ইন-এইড হিচাপে অনুদান দিয়ে । সেয়ে কেতিয়াবা বেছি হয় আৰু কেতিয়াবা গ্ৰাণ্ট -ইন-এইড কম হয় ।
কাউঞ্চিলসমূহে পোনপোটীয়াকৈ পূঁজি লাভ কৰিবলৈ হ’লে সংবিধান সংশোধনৰ প্ৰয়োজন বুলি মন্তব্য কৰে এবছুৰ সভাপতি দ্বীপেন বড়োৱে ।