Advertisment

ৰোগীৰ দুৰ্দশাৰ ওপৰত ৰাহুল গান্ধীয়ে পোষ্ট কৰা ভিডিঅ’ৰ স্পষ্টীকৰণ দিল্লীৰ এইমছ কৰ্তৃপক্ষৰ...

সামাজিক মাধ্যমত উক্ত ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে সমগ্ৰ দেশতে বিষয়টোক লৈ চৰ্চা চলিছিল । পৰৱৰ্তী পৰ্যায়ত ৰাহুল গান্ধীৰ দাবীৰ সন্দৰ্ভত স্পষ্টীকৰণ দিয়ে এইমছ কৰ্তৃপক্ষই ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ   কংগ্ৰেছৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে শনিবাৰে সামাজিক মাধ্যম এক্সত এটা ভিডিঅ' পোষ্ট কৰি দাবী কৰে যে এইমছ দিল্লীৰ বাহিৰৰ পৰিবেশ অত্যন্ত লেতেৰা । ৰোগীৰ লগতে ৰোগীৰ আত্মীয়ক বাহিৰত প্ৰচণ্ড শীতত শুবলৈ বাধ্য কৰে । লগতে খোৱাপানী আৰু পৰ্যাপ্ত শৌচাগাৰ নাই বুলিও দাবী কৰে তেওঁ । একেটা পোষ্টতে তেওঁ উল্লেখ কৰে যে ৰোগী আৰু ৰোগীৰ আত্মীয়ই খাদ্যৰ অভাৱত ভুগিব লগা হয় । সমান্তৰালভাৱে কংগ্ৰেছ নেতাগৰাকীয়ে ইয়াৰ বাবে দিল্লী আৰু কেন্দ্ৰীয় চৰকাৰক জগৰীয়া কৰি এই বিষয়ত কিয় নিমাত উভয় চৰকাৰ বুলি প্ৰশ্নও উত্থাপন কৰে ।   

Advertisment


সামাজিক মাধ্যমত উক্ত ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে সমগ্ৰ দেশতে বিষয়টোক লৈ চৰ্চা চলিছিল । পৰৱৰ্তী পৰ্যায়ত ৰাহুল গান্ধীৰ দাবীৰ সন্দৰ্ভত স্পষ্টীকৰণ দিয়ে এইমছ কৰ্তৃপক্ষই । প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইমছ দিল্লীৰ মুখপাত্ৰ ডাঃ ৰীমা দাদাই কয় যে এইমছে উন্নত মানৰ চিকিৎসা প্ৰদান কৰে আৰু ১৮,০০০ - ২০,০০০ ৰোগীয়ে চিকিৎসাৰ বাবে এইমছ ভ্ৰমণ কৰে। ইয়াৰ উপৰিও ৰাহুল গান্ধীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত পোষ্ট কৰা ভিডিঅ’টো স্পষ্টীকৰণ দি কয় যে ভিডিঅ’টোত দেখুওৱা সকলো ৰোগী এইমছ দিল্লীৰ হয় নে নহয় সেই বিষয়টো স্পষ্ট নহয় ।


সংবাদ মাধ্যেমৰে হোৱা কথা-বতৰাত এইমছ দিল্লীৰ সংবাদ মাধ্যমৰ দায়িত্বত থকা অধ্যাপিকা  ৰীমা দাদাই কয় যে এইমছে উন্নত মানৰ চিকিৎসা প্ৰদান কৰে আৰু চিকিৎসাৰ বাবে ১৮,০০০ - ২০,০০০ ৰোগীয়ে এইমছ ভ্ৰমণ কৰে । ইয়াৰোপৰি তেওঁ কয় যে প্ৰতিদিনে মুঠ ৩৫-৪০,০০০ লোকে বিভিন্ন কাৰণত এইমছ ভ্ৰমণ কৰে । 

ৰাহুল গান্ধী এইমছ