Advertisment

চৰকাৰী নিৰ্দেশনা অৱমাননা কৰাৰ অভিযোগত "আই পোৱালী পিকনিক স্পট" বন্ধ কৰিলে জিলা প্ৰশাসনে...

অভিযোগ লাভ কৰাৰ পিছত জিলা প্ৰশাসনৰ পৰা বিষয়টো তদন্ত কৰি ১৮ জানুৱাৰীৰ পৰা কাৰ্য্যকৰী হোৱাকৈ ‘আই পোৱালী পিকনিক স্পট’ বন্ধ বুলি ঘোষণা কৰি চিৰাং বনসংমণ্ডল কাৰ্য্যালয়ৰ পৰা পৰিচালনা সমিতিলৈ পত্ৰ প্ৰেৰণ কৰে।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, চিৰাংঃ  চৰকাৰী নীতি-নিৰ্দেশনা (এচঅপি) অৱমাননা কৰাৰ বাবেই চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ বেংতলৰ সমীপৰ আই পোৱালী পিকনিক স্পট ১৮ জানুৱাৰীৰ পৰা কাৰ্য্যকৰী হোৱাকৈ জাননী জাৰি কৰি বন্ধ ঘোষনা কৰে চিৰাং বনসংমণ্ডল বিষয়াই । 

Advertisment

অভিযোগ অনুসৰি "আই পোৱালী পিকনিক স্পট" পৰিচালনা সমিতিয়ে জিলা প্ৰশাসনৰ নীতি নিৰ্দেশনা উলংঘন কৰি নিশালৈকে বনভোজ খোৱাৰ অনুমতি প্ৰদান কৰিছিল । এই সুযোগ গ্ৰহণ কৰি একাংশ বনভোজ খাবলৈ যোৱা দলে মদ্যপান কৰি নিশালৈকে উচ্চ স্বৰে শব্দযন্ত্ৰ বজাই নৃত্য-গীত কৰি শব্দ প্ৰদূষণ সৃষ্টি কৰা,  নিশালৈকে বনভোজ খাবলৈ যোৱা একাংশ উশৃংখল যুৱক-যুৱতীৰ দ্বাৰা অসামাজিক কাৰ্য্যকলাপত লিপ্ত হোৱাৰ লগতে মদ্যপান কৰি সামাজিক পৰিবেশ বিনষ্ট কৰি আহিছিল । ইয়াৰ বিৰুদ্ধে একাংশ সতেচন লোকে প্ৰতিবাদ জনায় আহিছিল । 

ইতিমধ্যে মাধ্যমিক, উচ্চ মাধ্যমিক পৰীক্ষা সমাগত তেনে সময়ত উচ্চ স্বৰত শব্দযন্ত্ৰ বজোৱাৰ বাবে ছাত্ৰ-ছাত্ৰী সকলৰ অধ্যয়ন কৰাত ব্যাঘাত জন্মাব বুলি জিলা প্ৰশাসনক লিখিত অভিযোগ কৰা হৈছিল । অভিযোগ লাভ কৰাৰ পিছত জিলা প্ৰশাসনৰ পৰা বিষয়টো তদন্ত কৰি ১৮ জানুৱাৰীৰ পৰা কাৰ্য্যকৰী হোৱাকৈ ‘আই পোৱালী পিকনিক স্পট’ বন্ধ বুলি ঘোষণা কৰি চিৰাং বনসংমণ্ডল কাৰ্য্যালয়ৰ পৰা পৰিচালনা সমিতিলৈ পত্ৰ প্ৰেৰণ কৰে।

ইপিনে পিকনিক পৰিচালনা সমিতিয়ে সমগ্ৰ ঘটনা এটা পক্ষই ষড়যন্ত্ৰমূলক ভাবে অতিৰঞ্জিত বুলি দেখুৱাই জিলা প্ৰশাসনক অভিযোগ কৰিছে বুলি কব বিচাৰে।

পিকনিক