এআইডিচিএলক আবন্টন দিব মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিৰ ভূমি

চৰকাৰৰ লোলুপ দৃষ্টি এতিয়া খিলঞ্জীয়াৰ কৃষিভূমিত। জাতি মাটি ভেটি ৰক্ষা কৰাৰ শ্লোগানৰে শাসনৰ গাদীত বহা বিজেপি চৰকাৰ হাতত এতিয়া সুৰক্ষিত নহয় অসমীয়াৰ কৃষিভূমি। ইয়াৰ জলন্ত উদাহৰণ খোদ মুখ্যমন্ত্ৰীৰ সমষ্টিৰ সংৰক্ষিত গো-চৰনীয়া পথাৰ।

author-image
Asomiya Pratidin
New Update
৫০৪ বিঘা গো-চৰণীয়া পথাৰ ৰূপান্তৰ হ'ব ঔদ্যোগিক ক্ষেত্ৰলৈ

৫০৪ বিঘা গো-চৰণীয়া পথাৰ ৰূপান্তৰ হ'ব ঔদ্যোগিক ক্ষেত্ৰলৈ

ডিজিটেল সংবাদ, শুৱালকুছিঃ মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিৰ কামৰূপৰ নিজ গন্ধমৌত ৫০৪ বিঘা গো-চৰণীয়া পথাৰ ৰূপান্তৰ হ'ব ঔদ্যোগিক ক্ষেত্ৰলৈ। এই বৃহত্তৰ ভূমিক উদ্যোগীকৰণ কৰা বাবে ইতিমধ্যে জাননী জাৰি কৰিছে অসম চৰকাৰে। ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেন্ট কৰ্পৰেশ্বন লিমিটেড চমুকৈ AIDCL ক আবন্টন দিবলৈ জাননী জাৰি ৰাজ্য চৰকাৰৰ।

Advertisment

উল্লেখযোগ্য যে, কামৰূপৰ পূব বংশৰ মৌজাৰ হাজো ৰাজহ চক্ৰৰ অধীনৰ নিজ গন্ধমৌৰ ২৫৪ দাগ নম্বৰৰ এই বৃহত্তৰ অঞ্চলটো ৭ খন কৃষিজীৱী গঞা ৰাইজৰ বাবে আছিল একমাত্ৰ গো-চৰণীয়া পথাৰ। কৃষি প্ৰাধন্য অঞ্চলটোৰ পশুধনৰ বাবে এই গো-চৰণীয়া পথাৰখন স্বাধীনোত্তৰ কালৰ পৰাই কৃষক সকলৰ বাবে সংৰক্ষিত হৈ আছে। কিন্তু শেহতীয়াভাৱে অসম চৰকাৰে লোৱা এই সিদ্ধান্ত পোহৰলৈ অহাত চিন্তিত হৈ পৰিছে কৃষক সমাজ ।

স্থানীয় কৃষক সকলৰ লগতে নিজ গন্ধমৌ গো-চৰনীয়া সংৰক্ষণ সমিতি আৰু বিভিন্ন দল সংগঠনে বিৰোধিতা কৰিছে চৰকাৰৰ এই সিদ্ধান্তক। কিয়নো বৃহত্তৰ বংশৰ, কুলহাটি, ৰৌমাৰী, কিছমৎ বংশৰ, পাকৰকোনা, শিঙিমাৰি অঞ্চলৰ শ শ পৰিয়ালৰ পশুধনৰ বাবে সংৰক্ষণ হৈ আছে এই গো-চৰনীয়া পথাৰখন ।

ইতিমধ্যে গো-চৰনীয়া পথাৰখন উদ্যোগীকৰণ কৰিব লাগে বা নালাগে তাৰ আপত্তি থাকিলে সেই আপত্তি অহা ৩১ মে ২০২৫ তাৰিখৰ ভিতৰত কামৰূপ উপায়ুক্তৰ ওচৰত দাখিল কৰিবলৈ শেষ সীমা উল্লেখ কৰি দিছে জাননীৰ জৰিয়তে। ইয়াৰ পৰা সহজে অনুমান কৰিব পাৰি চৰকাৰৰ লোলুপ দৃষ্টি এতিয়া খিলঞ্জীয়াৰ কৃষিভূমিত। জাতি মাটি ভেটি ৰক্ষা কৰাৰ শ্লোগানৰে শাসনৰ গাদীত বহা বিজেপি চৰকাৰ হাতত এতিয়া সুৰক্ষিত নহয় অসমীয়াৰ কৃষিভূমি। ইয়াৰ জলন্ত উদাহৰণ খোদ মুখ্যমন্ত্ৰীৰ সমষ্টিৰ সংৰক্ষিত গো-চৰনীয়া পথাৰ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী