বটদ্ৰৱা থানত এ আই চি চিৰ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ তত্বাৱধায়ক মনোজ চৌহান

আজি মনোজ চৌহানৰ বটদ্ৰৱা থান দৰ্শনত  অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক মৃনাল হাজৰিকা, কংগ্ৰেছ দলৰ জিলা সভাপতি প্ৰশান্ত শইকীয়াকে আদি কৰি কেইবাগৰাকী নেতা কৰ্মীয়ে সংগ প্ৰদান কৰে।

author-image
Asomiya Pratidin
New Update
xxxxxxxxx

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ  দৌল উৎসৱৰ প্ৰাকমুহূৰ্তত বটদ্ৰৱা থানত সেৱা ললে এ আই চি চিৰ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ তত্বাৱধায়ক মনোজ চৌহানে। অসমীয়া জাতীয় সাজ পৰিধান কৰি কংগ্ৰেছৰ কেন্দ্ৰীয় নেতাগৰাকীয়ে আজি পোনে পোনে বটদ্ৰৱা থানৰ কীৰ্তনঘৰত প্ৰবেশ কৰি সেৱা গ্ৰহণ কৰে।

Advertisment

পৰৱৰ্তী সময়ত পদশিলা, শিলিখা বৃক্ষ, আকাশী গংগা দৰ্শন কৰি আপ্লুত হৈ পৰে। শেষত সাংবাদিকৰ আগত কয় যে, অসম নহয়, ভাৰত নহয় সমগ্ৰ বিশ্বৰ বাবে শংকৰদেৱ আদৰ্শ। তেওঁ মানৱ সেৱা, একতাৰ বানী বিলাই গৈছে। সেই আদৰ্শৰ অনুপ্ৰেৰণাত আমি গুৰু শংকৰক শতকৌতি প্ৰনাম কৰিছোঁ। আজি মই ধন্য হৈ পৰিছোঁ।

আজি মনোজ চৌহানৰ বটদ্ৰৱা থান দৰ্শনত  অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক মৃনাল হাজৰিকা, কংগ্ৰেছ দলৰ জিলা সভাপতি প্ৰশান্ত শইকীয়াকে আদি কৰি কেইবাগৰাকী নেতা কৰ্মীয়ে সংগ প্ৰদান কৰে।

মনোজ চৌহান