/asomiyapratidin/media/media_files/2025/02/01/6FekSPnSPx21NYtKUcgj.jpg)
ডিজিটেল ডেস্কঃ অসম, মেঘালয়, ত্ৰিপুৰা আৰু ছিকিমৰ স্বাস্থ্য সেৱা প্ৰদানকাৰী সংগঠনসমূহে গঠন কৰা "এছ'চিয়েচন অৱ হেল্থকেয়াৰ প্ৰভাইডাৰ অফ ইণ্ডিয়া, নৰ্থইষ্ট 1"ক ১ ফেব্ৰুৱাৰী, শনিবাৰে কোচিৰ এএইচপিআই গ্লবেল কনক্লেভত শ্ৰেষ্ঠ ৰাজ্যিক শাখা হিচাপে সন্মানিত কৰা হয়। উক্ত বঁটা এএইচপিআই-এনই-1 ৰ সচিব ৰোহিত উপাধ্যায় আৰু এএইচপিআই-এনই১ৰ যুটীয়া সচিব ড০ সীমা কোঁৱৰে গ্ৰহণ কৰে।
এ.এইচ.পি.আই. হৈছে ভাৰতত স্বাস্থ্যসেৱা প্ৰদানকাৰীসকলৰ এক বৃহৎ সংগঠন, যাৰ উদ্দেশ্য হৈছে দেশৰ স্বাস্থ্য খণ্ডৰ মানদণ্ড উন্নত কৰা। ২০২১ চনত গঠন হোৱা এএইচপিআই-এনই১-এ অসম, মেঘালয়, ত্ৰিপুৰা আৰু ছিকিমত স্বাস্থ্য খণ্ডৰ উন্নতিৰ বাবে কাম কৰি আহিছে। এই সংগঠনে স্বাস্থ্য সেৱাৰ গুণগত মান উন্নত কৰাৰ বাবে এক মঞ্চ হিচাপে কাম কৰে।
অনুষ্ঠানটোত এএইচপিআইৰ সঞ্চালক প্ৰধান ড০ গিৰিধৰ গান্নী আৰু অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত আছিল। এএইচপিআই-এনই-1ৰ আন কাৰ্যবাহী সদস্যসকল হৈছে ড০ হৰ্ষ ভট্টাচাৰ্য (সভাপতি), নিৰ্লাভ মৃদুল মজুমদাৰ (উপ-সভাপতি), ড০ জয়ন্ত প্ৰসাদ শৰ্মা, ড০ জিত পাটোৱাৰী, ড০ গীতাৰ্থ ৰয়মেধি, ময়ূৰাক্ষী দত্ত, ড০ প্ৰজ্ঞা কলিতা আৰু আন বহুতো। এএইচপিআই-এনই-1ৰ সফলতাই উত্তৰ-পূব ভাৰতৰ স্বাস্থ্য খণ্ডৰ উন্নতিৰ পথ প্ৰশস্ত কৰিব আৰু এক নতুন অধ্যায়ৰ মুকলি কৰিব বুলি আশা প্ৰকাশ কৰিছে সংগঠনটোৰ বিষয়ববীয়াই ।