/asomiyapratidin/media/media_files/2025/06/13/nkhnwrN5LJfLq1y7SY39.jpg)
ডিজিটেল ডেস্কঃ কালি আহমেদাবাদত সংঘটিত বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱা সকলৰ চিনাক্তকৰণৰ বাবে ডি এন এ পৰীক্ষা আৰম্ভ হৈছে। আহমেদাবাদৰ বি জে মেডিকেল কলেজত চলি আছে ডি এন এৰ নমুনা সংগ্ৰহৰ প্ৰক্ৰিয়া। প্ৰশাসনে নমুনা দিয়া সকলক থকাৰ ব্যৱস্থাও কৰিছে।
উল্লেখ্য যে, ঘটনাত কালি গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীও নিহত হয়। সেয়ে তেওঁৰ ভগ্নীৰ ডি এন এৰ নমুনাও লোৱা হৈছে যাতে মৃতকৰ ভিতৰত কোনটো মৃতদেহ বিজয় ৰূপানীৰ মৃতদেহ সেইটো নিশ্চিত কৰিব পৰা যায়।
ইতিমধ্যে প্ৰশাসনে ২০০ জন যাত্ৰীৰ আত্মীয়ৰ তেজৰ নমুনা সংগ্ৰহ কৰিছে। আহমেদাবাদৰ বিমান দুৰ্ঘটনাত নিহত হোৱা ১০ জন লোককো চিনাক্ত কৰা হৈছে। আটাইকেইজনেই চিকিৎসা বিজ্ঞানৰ ছাত্ৰ বুলি জানিব পৰা গৈছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us