/asomiyapratidin/media/media_files/2025/06/12/3nMZ1sYOYhBBiZJ4Btbo.jpg)
ডিজিটেল ডেস্কঃ আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ ন ন তথ্য পোহৰলৈ আহিছে। শেহতীয়াকৈ বিমান কৰ্তৃপক্ষই সদৰি কৰিছে যে, বিমানখনত মুঠ লোকৰ সংখ্যা আছিল ২৪২গৰাকী। ইয়াৰে ২৩২গৰাকী যাত্ৰী, ২গৰাকী পাইলট আৰু ১০গৰাকী কেবিন ক্ৰুৰ সদস্য।
ইতিমধ্যে ঘটনাস্থলীত তীব্ৰগতিত উদ্ধাৰ অভিযান অব্যাহত আছে। ভাৰতীয় সেনাই উদ্ধাৰ অভিযানত নামিছে। আনহাতে প্ৰশাসনে বিমান বন্দৰলৈ যোৱা সকলো পথ বন্ধ কৰি দিছে। ইফালে এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে গুজৰাটৰ মুখ্যমন্ত্ৰীয়ে।
আহত সকলক চিকিতসাৰ বাবে গ্ৰীণ কৰিডৰৰ ব্যৱস্থা কৰিছে প্ৰশাসনে। দুৰ্ঘটনাগ্ৰস্ত বিমানখনত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীও যাত্ৰী হিচাপে থকাৰ আশংকা কৰিছে। অৱশ্যে এতিয়ালৈকে কোনো আনুষ্ঠানিক তথ্য সদৰি কৰা নাই বিমান কৰ্তৃপক্ষই।