মানুহেই নহয়, অগ্নিদগ্ধ হৈ পশু- পক্ষীৰো ঘটিছিল অকাল মৃত্যু

এনে ভয়াৱহ উষ্ণতাৰ পৰিণতিত কেৱল মানুহে নহয়, অঞ্চলটোৰ বহু পশু- পক্ষীৰো অগ্নিদগ্ধ হৈ অকাল মৃত্যু ঘটিছিল। যি দৃশ্য আছিল অতি কৰুণ। 

author-image
Asomiya Pratidin
New Update
Ahmedabad

ডিজিটেল ডেস্ক : আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ অভিশপ্ত সেই বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ পাছত ঘটনাস্থলীৰ দৃশ্য প্ৰতক্ষ্য কৰাৰ পাছত বহুলোকৰ হৃদয় বিগলিত হৈছে। বিমানখন দুৰ্ঘটনাৰ সময়ত যি বিস্ফেৰণ আৰু অগ্নিবলয় পৰিলক্ষিত হৈছিল, তাৰ ফলত বহু যাত্ৰীৰ দেহ চিনিব নোৱাৰাকৈ নষ্ট হৈ গৈছিল। 

এই দুৰ্ঘটনাত মৃত্যু হৈছিল ২৪০ৰো অধিক যাত্ৰীসহ অন্যান্য লোকৰ। দুৰ্ঘটনাৰ পিছতে সংঘটিত বিস্ফোৰণত নিকটৱৰ্তী স্থানৰ তাপমান ১০০০ ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পাইছিল। 

এনে ভয়াৱহ উষ্ণতাৰ পৰিণতিত কেৱল মানুহে নহয়, অঞ্চলটোৰ বহু পশু- পক্ষীৰো অগ্নিদগ্ধ হৈ অকাল মৃত্যু ঘটিছিল। যি দৃশ্য আছিল অতি কৰুণ। 

অগ্নিদগ্ধ পশু- পক্ষীবোৰে ছটফটাই- ছটফটাই, ধৰফৰাই -ধৰফৰাই আঁকোৱালি লৈছিল অকাল মৃত্যুক। মুহূৰ্ততে ছাঁই হৈ গৈছিল পশু- পক্ষীবোৰ।

ahmedabad