/asomiyapratidin/media/media_files/2025/06/12/SplGbHP2fHiKETms67dH.jpeg)
ডিজিটেল ডেস্কঃ মৃত্যু কেনেকুৱা? কেনেকুৱা লাগে মৃত্যুৰ দুৱাৰদলি? মৃত্যুক সন্মুখৰ পৰা প্ৰত্যক্ষ কৰিও সুকলমে ঘূৰি আহিব পৰাটোকেই কয় নেকি পুনৰ জনম? এইসকলো প্ৰশ্নৰ উত্তৰ এই মুহূৰ্তত আছে মাত্ৰ এজন ব্যক্তিৰ হাতত।
বিশ্বকুমাৰ ৰমেশ তেওঁৰ নাম। এয়াৰ ইণ্ডিয়াৰ AI-171 নম্বৰৰ বিমানখনেৰে তেওঁ উৰা মাৰিছিল লণ্ডনলৈ। কিন্তু দুৰ্ভাগ্যজনকভাৱে বিমানখনৰ উৰণ আৰম্ভ হোৱাৰ ঠিক ৫ মিনিটৰ পিছতেই দুয়োটা ইঞ্জিন বিকল হোৱাত নিয়ন্ত্ৰণহীন হৈ খুন্দা মাৰে বি জে মেডিকেল কলেজ হাস্পতালৰ হোষ্টেলৰ বিল্ডিঙত।
লগে লগে সম্পূৰ্ণৰূপে ধবংস হৈ পৰে বিমানখন। জ্বলি যায় সকলো। বিমানখনত থকা ২৪২ জন যাত্ৰীৰেই মৃত্যু হোৱা বুলিও প্ৰাৰম্ভিকতে বাতৰি প্ৰকাশ পালে। কিন্তু তাৰ মাজতেই পোহৰলৈ আহিল এটা দৃশ্য।
বগা টি-ছাৰ্ট পৰিহিত এজন আহত যুৱকক খোজেৰই আগবাঢ়িছে। তেওঁক অৱশ্যে আনএজন লোকে ধৰি নিছে। কিন্তু তেওঁৰ খোজত ধৰি নিবলগীয়াকৈ আঘাতৰ চিন বা তেওঁক দেখাত তেনে অৱস্থাৰ সৃষ্টি হোৱা যেন অনুভৱ নহয়। অৱশ্যে তেওঁ গুৰুতৰভাৱেই আঘাতপ্ৰাপ্ত।
এই যুৱকজন আছিল অভিশপ্ত বিমানখনৰ ১১ এ আসনৰ যাত্ৰী। এই ভয়ংকৰ দুৰ্ঘটনাতো তেওঁ সামান্য পৰিমাণে আঘাত পায়েই ৰক্ষা পৰিল। বৰ্তমান চিকিৎসালয়ত আছে তেওঁ।
অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষই জনোৱা মতে, আজি দুৰ্ঘটনাগ্ৰস্ত বিমানখনত আছিল মুঠ ২৪২ জন লোক। ইয়াৰে ২৩০ জন যাত্ৰী আৰু ১২ জন ক্ৰু মেম্বাৰ।
এই দুৰ্ঘটনাৰ পিছৰ বহু কেইটা ভিডিঅ’ পোহৰলৈ আহিছে। তাৰে এটা ভিডিঅ’ ত দেখা গৈছে উৰণৰ কিছু সময়ৰ পিছতে বিমানখনল দুৰ্ঘটনাত পতিত হৈছে। তাৰ পিছতেই জুই আৰু ক’লা ধোঁৱাই অঞ্চলটো আৱৰি ধৰিছে।
এই দুৰ্ঘটনাৰ পিছতে বিয়লি অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৱে সেই স্থান পৰিদৰ্শন কৰি আটাইকেইজন যাত্ৰীৰে মৃত্যু হোৱা বুলিও মন্তব্য কৰে। কিন্তু মন্ত্ৰীগৰাকীৰ এনে মন্তব্যৰ কিছু সময়ৰ পাছতে সংবাদ সংস্থা এ এন আইয়ে আহমেদাবাদৰ আৰক্ষী আয়ুক্তৰ উদ্ধৃতি দি কয় যে এই ঘটনাৰ পৰা মাত্ৰ এজন লোকহে ৰক্ষা পৰিছে।
আৰক্ষী আয়ুক্তগৰাকীয়ে কয়, মুঠ কিমান লোকৰ মৃত্যু হৈছে সেয়া কোৱা সম্ভৱ নহয়।মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে। বিমানখনে যিটো বিল্ডিঙত খুন্দা মাৰিছিল সেই অট্টালিকা আছিল বিজে মেডিকেল কলেজৰ চিকিৎসক আৰু ছাত্ৰ-ছাত্ৰীৰ হোষ্টেল।
সেই হোষ্টেলত ৫০ জন চিকিৎসকে বাস কৰে। চিকিৎসালয়ৰ সূত্ৰই জনোৱা মতে, বিমান দুৰ্ঘটনাত সেই হোষ্টেলৰ পাঁচজন চিকিৎসকৰ মৃত্যু হৈছে।