/asomiyapratidin/media/media_files/2025/06/12/eKXW24Ogx31qWmzovbkM.jpg)
ডিজিটেল ডেস্কঃ আহমেদাবাদৰ এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ বিশ্ব। লণ্ডন অভিমুখে উৰা মৰাৰ কিছু মুহূৰ্তৰ পিছতে জনবসতিপূৰ্ণ অঞ্চলত সংঘটিত হোৱা এই দুৰ্ঘটনাত প্ৰকৃততে কিমান জনৰ মৃত্যু হৈছে, কিমান আহত হৈছে তাৰ সঠিক তথ্য এতিয়ালৈকে প্ৰকাশ পোৱা নাই।
অৱশ্যে এই কথা নিশ্চিত হৈছে অভিশপ্ত এই বিমানখনত ২ জন পাইলট, ১০ গৰাকী কেবিন ক্ৰুসহ মুঠ ২৪২ জন লোক আছিল। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তোলা হৈছে। এন ডি আৰ এফ, এছ ডি আৰ এফ, আৰক্ষী, স্থানীয় লোককে ধৰি বহু সংস্থা এই উদ্ধাৰ অভিযানত নামি পৰিছে।
দুৰ্ঘটনাৰ পিছত আৰক্ষীৰ ভাষ্য
আহমেদাবাদৰ আৰক্ষী আয়ুক্ত জি এছ মালিকে সংবাদ সংস্থা পিটিআইক জনাইছে যে, "বিমানবন্দৰৰ সমীপৰ মেঘনানিগৰ অঞ্চলত এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে।
অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া জয়েশ খাৰিয়াই কয়, "বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত বিমানখনত জুই লাগিছে। জুই নিৰ্বাপন কৰিবলৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন প্ৰেৰণ কৰা হৈছে।"
আহমেদাবাদ চহৰ আৰক্ষীয়ে এই ঘটনাৰ পিছতে জৰুৰীকালীন নম্বৰ ০৭৯২৫৬২০৩৫৯ মুকলি কৰিছে আৰু বিমানখনৰ যাত্ৰীসকলৰ পৰিয়ালক সহয়াৰ সকলো চেষ্টা কৰিছে।
এয়াৰ ইণ্ডিয়াই জাৰি কৰিলে বিবৃতি
এয়াৰ ইণ্ডিয়াই নিজৰ এক্স হেণ্ডলৰ এটা পোষ্টৰ জৰিয়তে আনুষ্ঠানিক বিবৃতি জাৰি কৰিছে। এই দুৰ্ঘটনা নিশ্চিত কৰি এয়াৰ ইণ্ডিয়াই লিখিছে, "আজি ১২ জুন ২০২৫ তাৰিখে আহমেদাবাদ-লণ্ডন অভিমুখে উৰা মৰা AI171 নম্বৰৰ বিমানখনে দুৰ্ঘটনাৰ সন্মুখীন হয়।"
বিমান সংস্থাটোৱে কয় যে তেওঁলোকে অধিক তথ্য সংগ্ৰহৰ চেষ্টা চলাইছে আৰু অতি সোনকালে অধিক তথ্য প্ৰকাশ কৰিব।আহতসকলক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
বিমান সংস্থাটোৱে যাত্ৰীসকলৰ তথ্য প্ৰদানৰ বাবে ১৮০০ ৫৬৯১ ৪৪৪ নম্বৰ হটলাইন নম্বৰ মুকলি কৰিছে।তাৰোপৰি দুৰ্ঘটনাটোৰ তদন্তত জড়িত তদন্তকাৰী কৰ্তৃপক্ষক সহায় কৰিব বুলিও জনাইছে।
বিমানখনত ক’ৰ, কিমান আছিল যাত্ৰী?
এয়াৰ ইণ্ডিয়াই জাৰি কৰা বিবৃতি অনুসৰি বিমানখনত দুজন পাইলট, ১০ গৰাকী কেবিন ক্ৰুসহ আছিল ২৪২ জন লোক। দুৰ্ঘটনাগ্ৰস্ত এই বয়িং ৭৮৭-৮ এয়াৰক্ৰাফ্টখনত আছিল ১৬৯ গৰাকী ভাৰতীয়, ৫৯ গৰাকী ব্ৰিটিছ, ১ জন কানাডাৰ আৰু ৭ জন পৰ্তুগালৰ নাগৰিক।
বিমানখনৰ মূল পাইলট আছিল সুমিত সাভাৰৱাল আৰু সহ-পাইলট আছিল ক্লাইভ। বিমানখনত আছিল ২৩০ জন প্ৰাপ্তবয়স্ক যাত্ৰী, দুটা নৱজাতক।
এয়াৰ ইণ্ডিয়া অধ্যক্ষ এন চন্দ্ৰশেখৰনে কি ক’লে?
এক্স হেণ্ডলৰ এটা পোষ্টৰ জৰিয়তে ঘটনা সন্দৰ্ভত শোক প্ৰকাশ কৰিছে এয়াৰ ইণ্ডিয়াৰ অধ্যক্ষ এন চন্দ্ৰশেখৰনে। টাটা গ্ৰুপে নিজৰ অফিচিয়েল এক্স হেণ্ডেলত এই পোষ্ট কৰিছে।
তেওঁ কৈছে, "অতি দুখেৰে মই নিশ্চিত কৰিছো যে আহমেদাবাদৰ পৰা লণ্ডন গেটৱিকলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ ১৭১ নম্বৰ বিমানখনে আজি এক দুৰ্ঘটনাৰ সন্মুখীন হৈছে। এই ভয়ংকৰ দুৰ্ঘটনাত ক্ষতিগ্ৰস্তসকলৰ পৰিয়াল আৰু আপোনজনলৈ আমাৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছো।"
তেওঁ আৰু কয়, "এই মুহূৰ্তত আমাৰ অগ্ৰাধিকাৰ হৈছে সকলো ক্ষতিগ্ৰস্ত লোক আৰু তেওঁলোকৰ পৰিয়ালক সহায় আগবঢ়োৱা। আমি স্থানীয়ভাৱে উপস্থিত জৰুৰীকালীন সঁহাৰি দলসমূহক সহায় কৰাৰ লগতে দুৰ্ঘটনাত নিহতসকলক প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ বাবে সকলো প্ৰচেষ্টা চলাইছো।"
গুজৰাটাৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে কি ক’লে?
গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে বিমান দুৰ্ঘটনাত শোক প্ৰকাশ কৰি টুইটাৰৰ জৰিয়তে তাৎক্ষণিক উদ্ধাৰ আৰু সাহায্য অভিযান চলাবলৈ নিৰ্দেশ প্ৰদান কৰিছে। আহত যাত্ৰীসকলৰ তাৎক্ষণিক চিকিৎসাৰ ব্যৱস্থা কৰিবলৈয়ো বিষয়াসকলক নিৰ্দেশ দিছে।
আহত যাত্ৰীসকলক চিকিৎসাৰ বাবে নিবলৈ গ্ৰীণ কৰিডৰৰ ব্যৱস্থা কৰা হৈছে।
সাময়িকভাৱে বিমান সেৱা বন্ধ
আহমেদাবাদ বিমানবন্দৰত বিমান সেৱা সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। এই ঘটনা সন্দৰ্ভত আহমেদাবাদ বিমানবন্দৰৰ মুখপাত্ৰই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে বিমান দুৰ্ঘটনাৰ বাবে আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আপাততঃ বন্ধ হৈ আছে।
পৰৱৰ্তী জাননী নিদিয়ালৈকে সকলো বিমান সেৱা সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। যাত্ৰীসকলক বিমানবন্দৰলৈ যোৱাৰ পূৰ্বে শেহতীয়া তথ্যৰ বাবে নিজৰ বিমান সংস্থাৰ সৈতে পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।