/asomiyapratidin/media/media_files/2025/06/12/1VqS3animAnSa4YkquwA.png)
ডিজিটেল ডেস্কঃ ১২ জুন, ২০২৫, বৃহস্পতিবাৰে আহমেদাবাদত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ নিকতাত্মীয়লৈ আৰ্থিক ক্ষতিপূৰণ ঘোষণা কৰিছে টাটা গ্ৰুপে। এক বিবৃতিত টাটা গ্ৰুপে এই দুৰ্ঘটনাত নিহত প্ৰতিগৰাকী যাত্ৰীৰ আত্মীয়লৈ ১ কোটিকৈ আৰ্থিক ক্ষতিপূৰণ ঘোষণা কৰিছে।
এক বিবৃতিত টাটা গ্ৰুপৰ ফালৰ পৰা কয় যে, ‘এয়াৰ ইণ্ডিয়া ফ্লাইট ১৭১ৰ দুৰ্ঘটনাৰ ঘটনাই গভীৰভাৱে যন্ত্ৰণা দিছে। এই দুখক কোনো শব্দৰে প্ৰকাশ কৰিব নোৱাৰি বুলি উল্লেখ কৰি আৰু কয়, আপোনজনক হেৰুওৱাসকলোৰে সৈতে টাটা গ্ৰুপ থিয় হৈছে আৰু আঘাতপ্ৰাপ্তসকলৰ আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছে।
আৰ্থিক ক্ষতিপূৰণৰ সমান্তৰালকৈ টাটা গ্ৰুপে আঘাতপ্ৰাপ্ত সকলোৰে চিকিৎসাৰ খৰচো বহন কৰাৰ প্ৰতিশ্ৰুতি দিছে। তাৰোপৰি বিমানখনে খুন্দা মৰা বি জে মেডিকেল কলেজৰ হোষ্টেল পুনৰ নিৰ্মাণ কৰিব টাটা গ্ৰুপে। এই আশ্বাসো তেওঁলোকে প্ৰদান কৰিছে।
এই ঘটনাৰ পিছতেই টাটা গ্ৰুপৰ অধীনস্থ এয়াৰ ইণ্ডিয়াই দিল্লী আৰু মুম্বাইৰ পৰা দুৰ্ঘটনাত মৃত্যু হোৱা আৰু আঘাতপ্ৰাপ্ত হোৱাসকলোৰে আত্মীয়ই যাত্ৰা কৰিব পৰাকৈ সুবিধা হোৱাকৈ বিশেষ সাহায্য বিমানৰো ব্যৱস্থা কৰিছে।
সকলো ধৰণৰ সহায়ৰ বাবে এয়াৰ ইণ্ডিয়াই ঘৰুৱা যাত্ৰীসকলৰ বাবে ১৮০০ ৫৬৯১ ৪৪৪ নম্বৰ আৰু আন্তঃৰাষ্ট্ৰীয় যাত্ৰীসকলৰ আত্মীয়ৰ বাবে+৯১ ৮০৬২৭৭৯২০০ নম্বৰৰ হেল্পলাইন নম্বৰ মুকলি কৰিছে।