/asomiyapratidin/media/media_files/2025/06/12/yLaqelYtHPVOubmRxqkT.jpeg)
ডিজিটেল ডেস্কঃ আজি দিনৰ ১-৩৮ বজাত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত হতাহতিৰ নিৰ্দিষ্ট সংখ্যা অনিশ্চিত হৈ আছিল যদিও অৱশেষত সেই তথ্য পোহৰলৈ আহিছে। আহমেদাবাদাৰ আৰক্ষী আয়ুক্তগৰাকীয়ে এই পৰ্যন্ত হোৱা উদ্ধাৰ অভিযান আৰু হাস্পতালৰ তথ্য আদিৰ ভিত্তিত উল্লেখ কৰা মতে এই দুৰ্ঘটনাত মুঠ ২০৪ জন লোকে হেৰুৱালে প্ৰাণ।
তাৰোপৰি ঘটনাত ৫০ জন লোক আহত হৈছে। পাইলট, সহ-পাইলট আৰু কেবিন ক্ৰুকে ধৰি মুঠ ২৪২ জন ব্যক্তিক লণ্ডনলৈ কঢ়িয়াই নিবলৈ উৰা মৰা এই বিমানখনে আৱাসিক এলেকাত থকা বি জে মেডিকেল কলেজৰ হোষ্টেলত প্ৰচণ্ড খুন্দা মাৰে। ফলত বিস্ফোৰিত হয় বিমানখন।
বিমান দুৰ্ঘটনাৰ পিছত জ্বলি উঠে সমগ্ৰ অঞ্চলটো। এই ঘটনাত যিসকলৰ মৃত্যু হৈছে সেই আটাইসকলৰে দেহ সম্পূৰূপে জ্বলি গৈছে। তেওঁলোকৰ দেহ চিনাক্ত কৰিব পৰা অৱস্থাত নাই। সেয়ে আৰক্ষী আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰা মতে সকলোৰে ডি এন এ পৰীক্ষা কৰাৰ পিছতহে মৃতদেহ হস্তান্তৰ কৰা হ'ব।
ইফালে এই ঘটনাত আহত হৈছে বি জে মেডিকেল কলেজৰ ১১ জনকৈ শিক্ষাৰ্থী। আহত সকলো হাস্পতালত ভৰ্তি হৈ আছে। ইয়াৰে বহু জনৰ অৱস্থা অতি সংকটজনক বুলিও জানিব পৰা হৈছে। সেয়ে মৃতকৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।