দদৰাত কৃষি জ্ঞান আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ আধাৰশিলা স্থাপন...

author-image
Asomiya Pratidin
New Update
দদৰাত কৃষি জ্ঞান আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ আধাৰশিলা স্থাপন...

Dadara

ডিজিটেল সংবাদ, দদৰাঃ কামৰূপ জিলাৰ অন্তৰ্গত দদৰা গাঁও পঞ্চায়ত কাৰ্যালয়ৰ সমীপত বুধবাৰে এটি কৃষি জ্ঞান আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰা হয়। মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া (OSD) শ্ৰীযুত হেমন্ত চৌধুৰীদেৱে কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে।

Advertisment

অনুষ্ঠানত বংশৰৰ কৃষি উন্নয়ন বিষয়া শ্ৰী দূৰ্লভ দাস আৰু কৃষি বিভাগৰ অন্যান্য বিষয়াসকলৰ লগতে কৃষি অভিযান্ত্ৰিক শাখাৰ উচ্চ পদস্থ বিষয়াসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

উক্ত অনুষ্ঠানত উপস্থিত থাকি হেমন্ত চৌধুৰীদেৱে কেন্দ্ৰটোৱে দদৰা অঞ্চলৰ লগতে‌ ওচৰ‌-চুবুৰীয়া অঞ্চলৰ লোকসকলক উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে।

ATUL BORA assam agriculture