/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/831e2b7e-7e3e-4501-ba27-b169516206a9/mankachar.jpg)
agriculture training
ডিজিটেল সংবাদ,দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰী উপায়ুক্তৰ কাৰ্যালয় প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে জিলা প্ৰশাসনৰ উদ্যোগত এপেডাই তিনিখনকৈ এফ পি ও ৰ অধীনত থকা ১০৫ গৰাকী কৃষকক দেশ-বিদেশত কৃষি সামগ্ৰী ৰপ্তানীৰ বাবে এখন প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰে।
উল্লেখযোগ্য যে হাটশিঙিমাৰী জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা কৃষি বিভাগৰ সহযোগত ভাৰত চৰকাৰৰ অধীনত থকা এপেডাই জিলা খনৰ কৃষক গোট সমূহক কৃষি প্ৰশিক্ষণ প্ৰদান কৰে। জিলাখনত উৎপাদন হোৱা সামগ্ৰী দেশ-বিদেশলৈ ৰপ্তানি কৰি কৃষক সকলে যাতে অধিক লাভাম্ভিত হব পাৰে তাৰ বাবে কৃষক সকলক এই প্ৰশিক্ষণ প্ৰদান কৰা হয়। কৃষক প্ৰশিক্ষণৰ এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলা উপায়ুক্ত পল্লৱী সৰকাৰ।
অন্যহাতে জিলা অতিৰিক্ত উপায়ুক্ত তথা কৃষি বিভাগৰ দায়িত্বত থকা বিষয়া হিতেশ্ব মজুমদাৰ, কৃষি আৰু সংসাধিত খাদ্য সামগ্ৰী ৰপ্তানি বিকাশ কৰ্তৃপক্ষৰ ব্যৱসায় বিকাশ ব্যৱস্থাপক ড০ অৰ্চনা নাথ আৰু ড০ শ্বাজু অধিকাৰী, জিলা ভাৰপ্ৰাপ্ত কৃষি বিষয়া মইনুল হক, মহকুমা মীন উন্নয়ন বিষয়া আব্দুছ ছালাম, শিক্ষা বিভাগৰ জিলা আঁচনি বিষয়া ৰাফিউল আলম সহ বিভিন্ন বিভাগৰ কেবাগৰাকী বিষয়া উপস্থিত থাকে। জিলাখনত থকা মুঠ তিনিখনকৈ এফ পি অৰ অধীনত থকা কৃষক গোটৰ ১০৫ গৰাকী কৃষকে এই প্ৰশিক্ষণত অংশগ্ৰহন কৰে।
কৃষক সকলক এপেডাৰ ব্যৱসায় বিকাশ ব্যৱস্থাপন ড০ অৰ্চনা নাথ আৰু ড০ শ্বাজু অধিকাৰীয়ে প্ৰশিক্ষণ প্ৰদান কৰে। কৃষক সকলে নিজৰ ভূমিত উৎপাদিত সামগ্ৰী জিলা খনৰ পৰা কেনেকৈ দেশ-বিদেশৰ বিভিন্ন ঠাইলৈ ৰপ্তানি কৰি আৰু এই ৰপ্তানি প্ৰক্ৰিয়াত এপেডাই কিদৰে কৃষক সকলক সহায়-সহযোগিতা কৰিব সেই সম্পৰ্কে বিস্তাৰিত ভাবে প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰথম পৰ্যায়ত জিলাখনৰ পৰা কৃষক সকলে দেশ-বিদেশলৈ কাজু বাদাম, কাচা বাদাম আৰু মাকৈ ৰপ্তানি কৰিব পাৰিব বুলি এই প্ৰশিক্ষণৰ জৰিয়তে কৃষক সকলক অৱগত কৰা হয়। এই প্ৰশিক্ষণৰ দ্বাৰা কৃষক সকলে কৃষি ক্ষেত্ৰত পূৰ্বতকৈ অধিক লাভাম্বিত হ'ব বুলি ড০ অৰ্চনা নাথে কৃষক সকলক কাচা বাদাম, কাজু বাদাম আৰু মাকৈ ৰপ্তানি আৰম্ভ কৰিবলৈ আহ্বান জনায়।
এই প্ৰশিক্ষণ কাৰ্যসূচীৰ সময়ত প্ৰেক্ষাগৃহ চৌহদত এখন প্ৰদৰ্শনী কাৰ্যসূচীও ৰূপায়ণ কৰা হয়। কৃষক সকলে কাজু বাদাম, কাচা বাদাম আৰু মাকৈ প্ৰদৰ্শনী কাৰ্যসূচীৰ দ্বাৰা প্ৰদৰ্শন কৰে।