অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত কৃষি পৰ্যালোচনা সভা...

অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত কৃষি পৰ্যালোচনা সভা

author-image
Asomiya Pratidin
New Update
অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত কৃষি পৰ্যালোচনা সভা...

ডিজিটেল সংবাদ, যোৰহাট: দুতৰপীয়া শস্য ক্ৰমৰ জৰিয়তে কৃষিক্ষেত্ৰক অধিক আগবঢ়াই নিবলৈ সৰিয়হৰ আৰু ৰেপচিডৰ অধিক ৰোগ প্ৰতিৰোধী প্ৰজাতিৰ বিকাশৰ অধিক প্ৰয়োজনীয়তা আহিছে। এই ক্ষেত্ৰত কৃষি বিজ্ঞানী আৰু গৱেষক সকলে উচ্চ উৎপাদনক্ষম জাত বিকশিত কৰাত কাম কৰাই নহয়, ৰোগ আৰু কীট-পতংগ প্ৰতিৰোধী জাতৰ ওপৰত গুৰুত্ব দিব লাগিব। অসম কৃষি বিশ্ববিদ্যালয়ৰ খানাপাৰা চৌহদত সৰিয়হৰ আৰু ৰেপচিডৰ ৰাষ্ট্ৰীয় পৰ্যালোচনা সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ উপ সঞ্চালক প্ৰধান ড: টি আৰ শৰ্মাই এই মত ব্যক্ত কৰে।

Advertisment

মঙলবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত সভাৰ উদ্ধোধনী অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: বিদ্যুৎ চন্দন ডেকাই বিশ্ববিদ্যালয়ৰ কৃতিত্বৰ ওপৰত আলোকপাত কৰি শেহতীয়া এন আই আৰ এফ ৰেংকিংত চতুৰ্দশ স্থান লাভ কৰাৰ লগতে ৰাজ্যিক কৃষি বিশ্ববিদ্যালয়ৰ ভিতৰত অষ্টম স্থান লাভ কৰা বুলি উল্লেখ কৰে । বিশ্ববিদ্যালয়ে সৰিয়হ আৰু ৰেপচিডৰ এই প্ৰকল্পৰ জৰিয়তে যোৱা বছৰ ৯০০ হেক্টৰ ভূমিত সৰিয়হ-ৰেপচিডৰ প্ৰদৰ্শনীমূলক খেতি কৰাৰ পাছত এইবাৰ ১০০০ হেক্টৰ এলেকাত খেতিৰ বাবে আগতীয়াকৈ নুমলী আৰু ঢলীৰ দৰে মধ্যমীয়া জাতৰ ধানৰ খেতি কৰা হৈছে আৰু ইয়াৰ ফলত কৃষকে অধিক সৰিয়হ আৰু ৰেপচিড উৎপাদন কৰিব পাৰিব।

ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ ৰাজস্থানৰ ভাৰতপুৰৰ সৰিয়হ আৰু ৰেপচিড গৱেষণা সঞ্চালকালয়ৰ দ্বাৰা অসম কৃষি বিশ্ববিদ্যালয়ৰ মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰ ছিলঙনি নগাঁৱৰ সহযোগত আয়োজিত এই সভাত ভাৰত চৰকাৰৰ কৃষি সচিব ড: পি কে সিঙে প্ৰধানমন্ত্ৰীৰ সপোনৰ বিকশিত ভাৰত ২০৪৭ক সাকাৰ কৰাত ৰেপচিড-সৰিয়হৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰতক স্বাৱলম্বী কৰি তোলাত গুৰুত্ব আৰোপ কৰে। ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ ৰাজস্থানৰ ভাৰতপুৰৰ সৰিয়হ আৰু ৰেপচিড গৱেষণা সঞ্চালকালয় সঞ্চালক ড: পি কে ৰায়ে তেওঁৰ বাৰ্ষিক প্ৰতিবেদন উপস্থাপনত বিভিন্ন গৱেষণামূলক সাফল্যৰ ওপৰত আলোকপাত কৰে।

ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অতিৰিক্ত সঞ্চালক প্ৰধান ড: সঞ্জীৱ গুপ্তাই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰা উদ্ধোধনী অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড: সঞ্জয় কুমাৰ চেতিয়াই আদৰণি ভাষণ আৰু মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰ ছিলঙনি নগাঁওৰ মুখ্য বিজ্ঞানী ডঃ হিৰণ্য কুমাৰ বৰাই শলাগ জ্ঞাপন কৰে। পৰ্যালোচনা সভাত সৰিয়হৰ আৰু ৰেপচিডৰ সৰ্বভাৰতীয় সমন্বিত গৱেষণা প্ৰকল্পৰ লগত জড়িত দেশৰ ১৫০জনৰো অধিক বিজ্ঞানী একত্ৰিত হৈছে।

Also Read: নগাঁৱত আমছুৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী...