ডিজিটেল সংবাদ, নগাঁও: স্মাৰ্ট মিটাৰৰ সংযোগ বন্ধ কৰি পূৰ্বৰ মিটাৰ বাহাল ৰখাকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত মঙলবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ (আমছু) নগাঁও জিলা সমিতিয়ে নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। স্মাৰ্ট মিটাৰৰ সংযোগ বন্ধ কৰি পূৰ্বৰ মিটাৰ বাহাল ৰখা, বানপানীৰ ফলত ক্ষতিগ্ৰস্ত আৰু গৃহহীন হোৱা পৰিয়ালসমূহক উপযুক্ত ক্ষতিপুৰণ আৰু পুনৰ সংস্থাপন দিয়া, খহনীয়াৰ সমস্যা আধুনিক আৰু বৈজ্ঞানিক পদ্ধতিৰে সমাধান কৰা, প্ৰতিটো উচ্ছেদিত আৰু ভূমিহীন পৰিয়ালক চৰকাৰীভাবে ভূমি প্ৰদান কৰা আদি দাবী উত্থাপন কৰে।
ইয়োৰপৰি নগাঁও জিলাৰ ধিংবৰি চাপৰিৰ মাছমৰীয়া ভাতৃদ্বয়ক বনকৰ্মীয়ে শূন্যদুৰত্বৰ পৰা গুলিয়াই হত্যা কৰা পৰিয়াল দুটাক এককালীন দহ লাখকৈ টকা প্ৰদান কৰা আৰু মাছমৰীয়া দুজনৰ হত্যাকাণ্ডৰ লগত জড়িত বনবিষয়া আৰু বনকৰ্মীক শাস্তি প্ৰদান কৰা , ৰাজ্য কপাই যোৱা জাহাংগীৰ আলমৰ নৃশংস হত্যাৰ লগত জড়িত সকলক শাস্তি প্ৰদান কৰাৰ লগতে জাহাংগীৰৰ নিৰীহ পৰিয়ালক দহ লাখ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰা আদি দাবীৰ ভিত্তিত আমছুৱে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।
ধৰ্মঘটকাৰীসকলে বিভিন্ন ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে। আমছুৰ নগাঁও জিলা সমিতিৰ সভাপতি আব্দুল নুৰ আৰু সাধাৰণ সম্পাদক আশ্ৰাফুল হুছেইনৰ নেতৃত্বত অৰ্ধশতাধিক কৰ্মীয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰে।