শুৱালকুছিত আত্মা-কৃষি বিভাগৰ প্ৰশিক্ষণ

বৰ্তমান শাক-পাচলিৰ লগতে পশুপালনৰ চাহিদাৰ প্ৰতি লক্ষ‍্য ৰাখি কৃষি বিভাগে পশুপালন সংক্ৰান্তিয় আঁচনিৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰিছে।

author-image
Asomiya Pratidin
New Update
23

ডিজিটেল সংবাদ, গুৱাহাটী : কামৰূপ জিলা কৃষি বিভাগৰ সহযোগত তথা কৃষি প্ৰযুক্তি ব‍্যৱস্থাপনা সংস্থা চমুকৈ আত্মাৰ উদ‍্যোগত জিলা পৰ্যায়ত বিভিন্ন কৃষি পদ্ধতি বিষয়ক প্ৰশিক্ষণ চলি আছে। বৰ্তমান শাক-পাচলিৰ লগতে পশুপালনৰ চাহিদাৰ প্ৰতি লক্ষ‍্য ৰাখি কৃষি বিভাগে পশুপালন সংক্ৰান্তিয় আঁচনিৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰিছে।

Advertisment

বুধবাৰে কামৰূপ জিলাৰ শুৱালকুছি কৃষি উন্নয়ন চক্ৰৰ জ্ঞান কেন্দ্ৰত বিজ্ঞানসন্মতভাৱে হাঁহ- কুকুৰা পালন পদ্ধতিৰ এক প্ৰশিক্ষণ অনুষ্ঠিত হৈ যায়। শুৱালকুছিৰ কৃষি বিষয়া ভাস্বতী শৰ্মাই আঁত ধৰা সভাখনত সমল ব‍্যক্তি হিচাপে অংশগ্ৰহণ কৰে পশু চিকিৎসক ড° উৎপল বৰাই।

অনুষ্ঠানত মহকুমা কৃষি বিষয়া, গুৱাহাটী মৌচুমী হাজৰিকা ভূঞা, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া প্ৰফুল্ল চহৰীয়া, কৃষি উন্নয়ন বিষয়া, সোণাপুৰ নিপম দত্ত, শুৱালকুছি আত্মাৰ ব্লক টেকন’লজী মেনেজাৰ বাগমিতা ৰাজখোৱা, সহযোগী টেকন’লজী মেনেজাৰ সংঘমিত্ৰা কলিতাৰ লগতে অঞ্চলটোৰ প্ৰায় ৩০ গৰাকী আগ্ৰহী কৃষক উপস্থিত থাকে। শুৱালকুছিৰ ৰৌমাৰী অঞ্চলৰ কৃষকসকলৰ বাবেও আজি একে বিষয়ক প্ৰশিক্ষণৰ আয়োজন কৰা হয়। পশু চিকিৎসক ড° উৎপল বৰাই সমল ব্যক্তি হিচাপে উক্ত সভাখনতো অংশ লয়।

কৃষি বিভাগ