/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/bcabada4-23a2-49a7-ad7a-726c95510565/WhatsApp_Image_2022_09_28_at_09_26_55.jpeg)
BIHDIYA
ডিজিটেল সংবাদ বিহদিয়াঃ “এন এম এছ এ (NMSA)” আচঁনিৰ অধীনত বতৰৰ ওপৰত নির্ভৰশীল অঞ্চলৰ কৃষি উন্নয়নৰ বাবে আজি কামৰূপ জিলা কৃষি বিভাগৰ উদ্যোগত কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিহদিয়া জাজিকণা ব্লকত এখন কৃষকৰ কৰ্মশালা অনুষ্ঠিত কৰা হয় । এদিনীয়া কৰ্মশালাখনত কৃষি বিকাশ কেন্দ্ৰ, কামৰূপৰ প্ৰধান বিজ্ঞানী ড° ধীৰেণ কলিতা, মীন উন্নয়ন বিষয়া মুকুট বৰুৱা আৰু পশু চিকিৎসক ডা° জয়ন্ত ডেকাই সমল ব্যক্তি হিচাপে উপস্থিত থাকি কৰ্মশলাখনত উপস্থিত কৃষকসকলক উপকৃত কৰে।
লোচৰ কৃষি উন্নয়ন বিষয়া কুমুদ চৌধুৰী আৰু জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া কিশোৰ কুমাৰ তালুকদাৰেও প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এন এম এছ এ (NMSA) আঁচনিৰ অধীনত উদ্যান শস্য ভিত্তিক , পশুধন ভিত্তিক , মীন ভিত্তিক আৰু সেউজ সাৰ ভিত্তিক কৃষি ব্যৱস্থাৰ বিষয়ে আলোচনা কৰে ৷ ড° ধীৰেন কলিতাই শস্যৰ ক্ৰমৰ ওপৰত আৰু মগুমাহ , মাটিমাহ আদিৰ লগতে অন্য সেউজীয়া সাৰ শস্যৰ প্ৰৱৰ্তনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে ৷
মুকুট বৰুৱাই মীন গাঁথনি আৰু পুখুৰীৰ পাৰে পাৰে কৰিব পৰা খেতি শস্যৰ বিষয়ে আঙুলিয়াই দিয়ে । ডাঃ জে ডেকাই গাখীৰ দিয়া গৰুৰ বৈজ্ঞানিক পালনৰ বিষয়ে বৰ্ণনা কৰে ৷ কৃষকৰ অৰ্থনৈতিক অৱস্থা উন্নত কৰাৰ বাবে এন এম এছ এ (NMSA) আঁচনিৰ গুৰুত্বৰ বিষয়ে বৰ্ণনা কৰে জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া কিশোৰ কুমাৰ তালুকদাৰে ৷