/asomiyapratidin/media/media_files/2025/07/21/xsdsdsdsd-2025-07-21-18-37-43.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ উত্তৰ অসমৰ কৃষি বিজ্ঞান কেন্দ্ৰ লখিমপুৰে জিলাখনৰ বিভিন্ন অঞ্চলৰ কৃষক সকলৰ মাজত পৰ্যায়ক্ৰমে প্ৰদান কৰি আহিছে "শালি ধানৰ অনিষ্টকাৰী কীট পতংগ আৰু বিভিন্ন ৰোগৰ সমন্বিত পদ্ধতিৰে নিয়ন্ত্ৰণ" শীৰ্ষক এক সময়োপযোগী প্ৰশিক্ষণ কৰ্মসূচী। এই কৰ্মসূচীৰ দ্বিতীয় পৰ্য্যায়ৰ প্ৰশিক্ষণ ঢকুৱাখনা সমজিলাৰ পশ্চিম ঢকুৱাখনা গাঁও পঞ্চায়তৰ চৌহদত অলপতে সফলতাৰে সম্পন্ন হয়।
অঞ্চলটোৰ অগ্ৰণী যুৱ কৃষক জগদীশ দত্তৰ তত্বাৱধানত মাজ জালভাৰী, উজনি জালভাৰী, বামুন গাওঁ, খজুৱা আদি অঞ্চলৰ প্ৰায় ২৫ গৰাকী প্ৰগতিশীল কৃষকে প্রশিক্ষণটোত অংশগ্ৰহণ কৰে। কৃষি বিজ্ঞান কেন্দ্ৰ লখিমপুৰৰ মুৰব্বী ড° প্ৰদীপ সন্দিকৈৰ ব্যৱস্থাপনাত, শস্য সুৰক্ষা বিভাগৰ সমল ব্যক্তি যামিনী কুমাৰ দত্তই ধানৰ কঠীয়া তলীৰ পৰা মূল খেতি পথাৰত দেখা দিয়া বিভিন্ন ৰোগৰ লগতে অনিষ্টকাৰী কীট পতংগ নিয়ন্ত্ৰণৰ বাবে ল'ব লগা সমন্বিত ব্যৱস্থা সমূহৰ বিশ্লেষণ কৰি হাতে কামে কৰি দেখুৱাই দিয়ে।
বিশেষকৈ ধানৰ মজা খোৱা পোকৰ নিয়ন্ত্ৰণৰ বাবে ফেৰোমণ ফাণ্ড, ট্ৰাইকোকাৰ্ড সংস্থাপনৰ ব্যৱস্থাসমূহৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে।ইয়াৰ উপৰিও গাই মূত্ৰ আৰু প্ৰাকৃতিক উপাদানেৰে মাটিৰ কলহত প্ৰস্তুত কৰিব পৰা কীট নাশকৰ প্ৰস্তুত প্ৰণালীৰ ব্যাখ্যা কৰে সমল ব্যক্তি গৰাকীয়ে। অন্যহাতে চৰহা, গান্ধী পোক আদি নিয়ন্ত্ৰণৰ বাবে পৰম্পৰাগত ভাবে চলি অহা কৌশল সমূহো এই প্ৰশিক্ষণত বিতংভাৱে আলোকপাত কৰা হয়।
ইফালে, এই পৰম্পৰাগত ধান খেতিৰ লগতে উন্নত প্ৰজাতিৰ কাঠফুলাৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় কৃষক সকলে এই খেতিৰ বিজ্ঞান সন্মত প্ৰশিক্ষণ প্ৰদানৰ বাবে আহ্বান জনায়। উদ্যোগী থলুৱা কৃষক সকলৰ আহ্বানৰ প্ৰতি সমৰ্থন জনাই অচিৰেই পশ্চিম ঢকুৱাখনা অঞ্চলত বিজ্ঞান সন্মত "মাশ্বৰুম" উৎপাদনৰ এক প্ৰশিক্ষণ প্ৰদান কৰিব বুলি উপস্থিত সমল ব্যক্তি যামিনী কুমাৰ দত্তই কৃষক সকলক নিশ্চয়তা প্ৰদান কৰে।