/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/111db0bf-2dcb-4cf4-b993-566b3af09195/agp_nagaon.jpg)
AGP NAGAON
ডিজিটেল সংবাদ, নগাঁওঃ অসমৰ আঞ্চলিক দল অসম গণ পৰিষদৰ ৩৮সংখ্যক প্ৰতিষ্ঠা দিৱস অগপৰ নগাঁও সদৰ বিধান পৰিষদৰ উদ্যোগত পৰিষদৰ কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰে। পতাকা উত্তোলনৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী শুভাৰম্ভ কৰে প্ৰাক্তন মন্ত্ৰী তথা জেষ্ঠ অগপ নেতা গিৰীন্দ্ৰ কুমাৰ বৰুৱাই। আনহাতে ছহীদ তৰ্পন মুকলি কৰে জেষ্ঠ অধিবক্তা মহেশ চন্দ্ৰ দাসে।
প্ৰতিষ্ঠা দিৱস উপলক্ষে হোৱা সভাত অংশগ্ৰহণ কৰি প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই কয় যে, সুৰক্ষিত অসমৰ বাবে অগপক শক্তিশালী কৰিব লাগিব। এই কাম দলৰ সকলো স্তৰৰ নেতা-কৰ্মী সকলে দৃঢ়তাৰে আগুৱাই নিব লাগিব। বৰুৱাই অগপ দলৰ জন্ম লগ্নৰ ইতিহাস ব্যাখ্যা কৰি কয় যে, অসমৰ জাতীয় জীৱনলৈ নামি অহা প্ৰত্যাহ্বানৰ বিৰুদ্ধে অগপই যুজঁ দি আহিছে আৰু ভবিষ্যতেও যুজঁ দি যাব।
সকলো জাতি জনগোষ্ঠীৰ সমমৰ্যদা, সমবিকাশ,সমঅধিকাৰৰ হকে অগপ দলে কাম কৰি আহিছে। অসমৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে অসমত আঞ্চলিকতাবাদৰ বিকল্প নাই বুলি বৰুৱাই মন্তব্য কৰে।
নগাঁও সদৰ বিধান পৰিষদৰ সম্পাদক বিনোদ বৰুৱাই আঁত ধৰা সভাত অগপ নেতা মহেশ চন্দ্ৰ দাস, সুজিত দাস,ইছফাকুৰ ৰহমান,যুৱ পৰিষদৰ দীপুজ্বল ৰাজখোৱা,পৌৰ আয়ুক্ত মুক্তা জয়ছোৱাল,নগাঁও সদৰ বিধান পৰিষদৰ সভাপতি গোলাম মহিবূদ্দিন খান, সম্পাদক ভুপেন দাস আদিয়ে অংশগ্ৰহণ কৰে।
অন্যহাতে অগপৰ বটদ্ৰবা বিধান পৰিষদৰ উদ্যোগত বটদ্ৰবা সমষ্টিৰ অন্তৰ্গত ধনীয়াভেটিত অগপৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। বটদ্ৰবা বিধান পৰিষদৰ সভানেত্ৰী মামণি বৰাই দলৰ পতাকা উত্তোলন কৰি প্ৰদান কৰা ভাষণত অসমৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি অগপক তৃণমূল পৰ্যায়ৰ পৰাই শক্তিশালী কৰি তুলিবলৈ দলৰ সকলো কৰ্মীকে আহ্বান জনায়। অগপ দলে সদায়ে অসমৰ স্বাৰ্থৰ হকে যুজঁ দি আহিছে বুলিও উল্লেখ কৰে।
সভাত অগপ নেতা ফটিক বৰা ,তিৱা কাউন্সিলৰ সদস্য চম্পেশ্বৰ বৰদলৈ ,বটদ্ৰবা বিধান পৰিষদৰ সম্পাদক ৰঞ্জন বৰা, ৰুদ্ৰ ডেকা আদিয়ে অংশগ্ৰহণ কৰি অগপক শক্তিশালী কৰি গঢ়ি তুলিবলৈ সকলোকে আহ্বান জনায়।
উল্লেখযোগ্য যে, উক্ত সভাতে কংগ্ৰেছৰ স্থানীয় নেতা শংকৰ দাসৰ নেতৃত্বত শতাধিক লোকে অগপ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।