কৃষি বিভাগৰ ভুল আঙুলিয়াই দিয়াটোৱেই ভুলঃ অগপৰ পৰা বহিস্কাৰ বোকাখাতৰ যুৱ নেতাক...

কৃষি বিভাগৰ ভুল আঙুলিয়াই দিয়াটোৱেই ভুলঃ অগপৰ পৰা বহিস্কাৰ বোকাখাতৰ যুৱ নেতাক...

ডিজিটেল সংবাদ, কাজিৰঙাঃ সংবাদ মাধ্যমত কৃষি বিভাগৰ ব্যৰ্থতা উদঙাই দিয়াৰ বাবেই সংগঠনৰ পৰা বহিষ্কৃত হবলগীয়া হল এজন যুৱক‌।এই ঘটনা সংঘটিত হৈছে কৃষিমন্ত্ৰী অতুল বৰাৰ সমষ্টি বোকাখাতত। কৃষি বিভাগৰ ভুল আঙুলিয়াই দিয়াৰ বাবে অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ পৰা বহিষ্কৃত হবলগীয়া হৈছে ভাস্কৰজ্যোতি দত্ত নামৰ যুৱকজন।

অসম যুৱ পৰিষদৰ বোকাখাত বিধান পৰিষদৰ সহ সম্পাদক পদত কিছুদিন পূৰ্বে নিৰ্বাচিত হৈছিল ভাস্কৰজ্যোতি। সংবাদ মাধ্যমত ভাস্কৰজ্যোতি দত্ত নামৰ যুৱকজনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাতিকাষৰীয়া ডিফলুপথাৰ অঞ্চলত কৰা ৰঙালাও খেতিত কৃষি বিভাগৰ পৰা কোনো সহযোগিতা পোৱা নাই বুলি মন্তব্য প্ৰদান কৰিছিল। আৰু যেন সেইয়াই দোষ হল যুৱকজনৰ।

সংবাদ মাধ্যমত অগপ সভাপতি অতুল বৰাৰ বিৰুদ্ধে মন্তব্য প্ৰদান কৰাৰ অভিযোগত সংগঠনৰ পৰা বহিষ্কাৰ কৰা হয় ভাস্কৰজ্যোতি দত্তক।বহিষ্কাৰৰ সন্মুখীন হোৱা ভাস্কৰজ্যোতিৰ মন্তব্য ৰাইজৰ সমস্যাৰ কথা কোৱাৰ বাবেই সংগঠনৰ পৰা বহিষ্কাৰ কৰা হৈছে।বোকাখাতত একাংশ নেতাই তৈলমৰ্দন কৰি চলাইছে অসম যুৱ পৰিষদ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in