ডিজিটেল ডেস্কঃ অগপৰ আমবাৰী কাৰ্যালয়ত মঙলবাৰে পুৱাৰে পৰা অনুষ্ঠিত হৈছে দলটোৰ বৰ্ধিত কাৰ্যনিৰ্বাহক বৈঠক । এই বৈঠকত অধ্যক্ষতা কৰিছে অগপৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰাই । বৈঠকত অগপৰ আটাই কেইটা ভগ্নী সংগঠনৰ প্ৰতিনিধিয়ে অংশ লৈছে । অগপৰ এই কাৰ্যনিৰ্বাহক বৈঠক মূলত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিক লৈ আলোচনা কৰা হৈছে । উল্লেখযোগ্য যে বিজেপিৰ সৈতে মিত্ৰতা দিছপুৰত চৰকাৰত থাকিলেও আগন্তুক পঞ্চায়ত নিৰ্বাচন অগপই পৃথক কৈ প্ৰতিদ্বন্বিতা কৰিব ।
বৈঠকতে অলপতে অনুষ্ঠিত হৈ যোৱা উপ-নিৰ্বাচন সন্দৰ্ভতো আলোচনা কৰা হয়। এই উপনিৰ্বাচনত বঙাইগাৱৰ পৰা জয়ী হোৱা অগপ প্ৰাৰ্থী দিপ্তীময়ী চৌধুৰীক অগপ নেতৃত্বই সম্বৰ্ধনা জনায় ।এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে আলোচনা কৰিবলৈ ৰাজ্যিক বিজেপিয়ে বুধবাৰে দলটোৰ কাৰ্যনিৰ্বাহক বৈঠক আয়োজন কৰিছে ।