অগপ ৰ দুলীয়াজান সমষ্টি সমিতিৰ কৰ্মশালা অনুষ্ঠিত...

উক্ত সভাত অগপৰ প্ৰতি আনুগত্য প্ৰদান কৰি কেইবা গৰাকী পুৰুষ মহিলাই অগপত যোগদান কৰাত তেওঁলোকক দলৰ প্ৰতীক সম্বলিত বস্ত্ৰ আৰু ফুলাম গামোচাৰে দলৰ নেতৃবৃন্দই আদৰণি জনায়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,টেঙাখাত:   অসম গণ পৰিষদ দুলীয়াজান সমষ্টি সমিতিৰ এখনি কৰ্মশালা শনিবাৰে টেঙাখাত দুৱৰা গেষ্ট হাউচ সভাকক্ষত অনুষ্ঠিত হয়। পুৱা দলৰ পতাকা উত্তোলন কৰে সমষ্টি সমিতিৰ সভাপতি টুলটুল হুচেইনে আৰু শ্বহীদ তৰ্পন কৰে সম্পাদক হিৰণ্য সোণোৱালে। ইয়াৰ পাছতে সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ আঞ্চলিকৰ পৰা সমবেত বৃহৎ সংখ্যক অগপৰ নেতা কৰ্মী কেন্দ্ৰীয় আৰু জিলাৰ নেতাৰ  
উপস্থিতিত অনুষ্ঠিত কৰ্মশালাত সভাপতিত্ব কৰে দুলীয়াজান সমষ্টি সমিতিৰ সভাপতি টুলটুল হুছেইনে।

Advertisment

কৰ্মশালাত সমবেত সকলোৱে সমস্বৰে অসম সংগীত পৰিবেশন কৰাৰ পাছতে অগপ জিলা সমিতিৰ সভাপতি আদিত্য গোস্বামীয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচন সাংগঠনিক দিশ আদিক লৈ সাৰগৰ্ভ মন্তব্যৰে আদৰণি বক্তব্য প্ৰদান কৰে। অন্যহাতে সভাৰ উদ্দেশ্য ব্যাখ্যা তথা সাংগঠনিক প্ৰতিবেদন পাঠ কৰে দুলীয়াজান সমষ্টি সমিতিৰ সম্পাদক  হিৰণ্য সোণোৱালে।

উল্লেখ্য যে, উক্ত কৰ্মশালাত উপস্থিত থাকি অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক নেতা তথা সভাৰ সমল ব্যক্তি কৃতী ৰাজখোৱা, মুক্তিনাথ গগৈ, অগপৰ কেন্দ্ৰীয় সমিতিৰ  চাহ কোষৰ সভাপতি প্ৰমোদ ভেংৰা,কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ক্ৰমে তুলসী গগৈ,পুতুল সোণোৱাল সম্পাদক ক্ৰমে কৃৰ্ধান্ন দাস, সুনীল ৰাজকোঁৱৰে অসম আন্দোলন আৰু অসম গণ পৰিষদ দলৰ ৰাজনৈতিক বিৱৰ্তন, সাম্প্ৰতিক ৰাজনীতিত আঞ্চলিক ৰাজনৈতিক দলৰ গুৰুত্ব, বিজেপি দলৰ লগত মিত্ৰতা তথা ইয়াৰ ফলত দলৰ লাভ লোকচান  আদিৰ ওপৰত আলোকপাত কৰে।

লগতে তেওঁলোকে কৰ্মশালাত অংশগ্ৰহণ কৰা পুৰুষ-মহিলা সমন্বিতে নেতা-কৰ্মী সকলক দলৰ  সাংগঠনিক কামত ওতঃপ্ৰোতভাৱে জড়িত হৈ অগপৰ ভেটি শক্তিশালী কৰিবলৈ আহ্বান জনায়। ইয়াৰোপৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে নিজ নিজ অঞ্চলত সুচাৰুৰূপে মনোনিৱেশ কৰি অগপৰ প্ৰাৰ্থীক জিকোৱাত অহোপুৰুষাৰ্থ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে।স্মৰ্তব্য যে, উক্ত সভাত অগপৰ প্ৰতি আনুগত্য প্ৰদান কৰি কেইবা গৰাকী পুৰুষ মহিলাই অগপত যোগদান কৰাত তেওঁলোকক দলৰ প্ৰতীক সম্বলিত বস্ত্ৰ আৰু ফুলাম গামোচাৰে দলৰ নেতৃবৃন্দই আদৰণি জনায়।

অগপ