অসম আন্দোলনৰ অগ্ৰণী নেতা, অগপ দলৰ প্ৰতিষ্ঠাপক খনিন মহন্ত আৰু নাই...

অসম আন্দোলনৰ অগ্ৰণী নেতা, অগপ দলৰ প্ৰতিষ্ঠাপক খনিন মহন্ত আৰু নাই...

author-image
Asomiya Pratidin
New Update
অসম আন্দোলনৰ অগ্ৰণী নেতা, অগপ দলৰ প্ৰতিষ্ঠাপক খনিন মহন্ত আৰু নাই...

অসম আন্দোলনৰ অগ্ৰণী নেতা, অগপ দলৰ প্ৰতিষ্ঠাপক খনিন মহন্ত আৰু নাই...

ডিজিটেল ডেস্কঃ অসম আন্দোলনৰ অগ্ৰণী নেতা খনিন মহন্ত আৰু নাই। আজি বৰপেটাস্থিত ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে খনিন মহন্তই।

Advertisment

অসমীয়া ভাষাৰ সুৰক্ষা বিচাৰি কৰা ছাত্ৰ আন্দোলনৰ লগতে খিলঞ্জীয়া লোকৰ অস্তিত্ব সুৰক্ষাৰ বাবে হোৱা ঐতিহাসিক অসম আন্দোলনৰ সৈতে জড়িত আছিল খনিন মহন্ত। কেৱল এই আন্দোলনত অংশগ্ৰহণ কৰাই নহয়, সন্মুখৰ পৰা তেওঁ এই আন্দোলনৰ নেতৃত্ব প্ৰদান কৰিছিল।

এইগৰাকী জাতীয়তাবাদী নেতা অসম গণ পৰিষদৰ সৈতেও জড়িত হৈ আছিল। দলটো গঠনত তেওঁৰ আছিল গুৰুত্বপূৰ্ণ ভূমিকা। শ্বাস-প্ৰস্বাস জনিত ৰোগত আক্ৰান্ত হৈ হস্পিতালত ভৰ্তি হৈ থকা খনিন মহন্ত কেইবাবছৰ ধৰি স্নায়ু ৰোগত আক্ৰান্ত হৈ শয্যাগত হৈ আছিল।

অসম গণ পৰিষদ প্ৰথমবাৰলৈ শাসনলৈ অহাৰ পিছত খনিন মহন্তই ১৯৮৫ চনত এ জি এম চিৰ অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰিছিল। ইয়াৰ পিছত ১৯৯৬ ত তেওঁ এছকাৰ্ড বেংকৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল।

ক্লিক কৰি পঢ়কঃ উৰিয়াগাঁৱত থলুৱাৰ স্বাৰ্থত ৰাজহুৱা সভা

খনিন মহন্ত