আৰম্ভ মহিলা অগ্নিবীৰ নিযুক্তি ৰেলী, ৪০,০০০ পদৰ বাবে বৰ্তমানলৈ আবেদন প্ৰায় ২০ লাখৰ!

মঙলবাৰে হাৰিয়ানাৰ আম্বালাৰ খাৰ্গা ক্ৰীড়া ষ্টেডিয়ামত অগ্নিবীৰ মহিলা নিযুক্তি ৰেলী ২০২২ আয়োজন কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
আৰম্ভ মহিলা অগ্নিবীৰ নিযুক্তি ৰেলী, ৪০,০০০ পদৰ বাবে বৰ্তমানলৈ আবেদন প্ৰায় ২০ লাখৰ!

ডিজিটেল ডেস্ক: মঙলবাৰে হাৰিয়ানাৰ আম্বালাৰ খাৰ্গা ক্ৰীড়া ষ্টেডিয়ামত অগ্নিবীৰ মহিলা নিযুক্তি ৰেলী ২০২২ আয়োজন কৰা হৈছে। হাৰিয়ানা, হিমাচল প্ৰদেশ আৰু দিল্লী আৰু চণ্ডিগড় কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা বৃহৎ সংখ্যক মহিলা প্ৰাৰ্থীয়ে এই নিযুক্তিৰ বাবে অংশগ্ৰহণ কৰিবলৈ আহিছে ।

আম্বালাত সেনা অগ্নিবীৰ নিযুক্তি ৰেলী ৭ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু ই ৯ নৱেম্বৰত শেষ হ'ব। মহিলাসকলে শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। এই ৰেলীত অধিকাংশ মহিলা গাঁৱৰ পৰা আহি অংশ গ্ৰহণ কৰিছে।

এতিয়ালৈকে ২০ লাখতকৈও অধিক যুৱকে অগ্নিবীৰ হ'বলৈ ভাৰতীয় সেনাত আবেদন কৰিছে। ভাৰতীয় সেনাত অগ্নিবীৰৰ প্ৰথম দলটোৰ বাবে মুঠ ৪০,০০০টা পদ খালী আছে।

কিন্তু মহিলা অগ্নি বীৰৰ সংখ্যা । কাৰণ সেনাবাহিনীত এগৰাকী মহিলা অগ্নিবীৰে বৰ্তমান কেৱল এটা বাহিনীত যোগদান কৰিব পাৰে ।

agnibeer indian army