বালিপৰাত আফ্ৰিকান ছোৱানফ্লুৰ প্ৰাদুৰ্ভাৱ, গাহৰি বিক্ৰী আৰু সৰবৰাহৰত  নিষেধাজ্ঞা আৰোপ

শোণিতপুৰৰ বালিপৰা উন্নয়ন খণ্ডৰ  ৪নং গড়মাৰা গাঁৱত গাহৰি ফাৰ্মত আফ্ৰিকান ছোৱাইনফ্লুৰ প্ৰাদুৰ্ভাৱ দেখিবলৈ পোৱা গৈছে৷ অঞ্চলটোৰ নিতীন নামৰ এজন ব্যক্তিৰ গাহৰি ফাৰ্মত আফ্ৰিকান ছোৱাইন জ্বৰত আক্ৰান্ত হৈছে গাহৰি৷

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
অসমত আকৌ আফ্ৰিকান ছোৱানফ্লু

অসমত আকৌ আফ্ৰিকান ছোৱানফ্লু

ডিজিটোল সংবাদ, বালিপৰা: শোণিতপুৰৰ বালিপৰা উন্নয়ন খণ্ডৰ  ৪নং গড়মাৰা গাঁৱত গাহৰি ফাৰ্মত আফ্ৰিকান ছোৱাইনফ্লুৰ প্ৰাদুৰ্ভাৱ দেখিবলৈ পোৱা গৈছে৷ অঞ্চলটোৰ নিতীন নামৰ এজন ব্যক্তিৰ গাহৰি ফাৰ্মত আফ্ৰিকান ছোৱাইন জ্বৰত আক্ৰান্ত হৈছে গাহৰি৷ দুইশতাধিক গাহৰি থকা ফাৰ্ম খনৰ ভালে সংখ্যক গাহৰিৰ মৃত্যু ঘটিছে আফ্ৰিকান ছোৱাইনফ্লুত৷

Advertisment

 ইতিমধ্যে খানাপাৰা পশু চিকিৎসালয়ৰ পৰীক্ষাগাৰত গাহৰিৰ তেজ পৰীক্ষাত নিশ্চিত হয় এই কথা৷ শোণিতপুৰ জিলাৰ জিলা পশু পালন আৰু পশু চিকিৎসা বিষয়াৰ পৰা লাভ কৰা এক আবেদনৰ ভিত্তিত শোণিতপুৰ জিলাৰ ভাৰপ্ৰাপ্ত জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (বিএনএছএছ), ২০২৩ৰ ধাৰা ১৬৩ৰ অধীনত অঞ্চলটোত গাহৰি বিক্ৰী আৰু সৰবৰাহৰ ক্ষেত্ৰত  নিষেধাজ্ঞা আৰোপ কৰিছে। ৪নং গড়মাৰা গাঁৱৰ সংক্ৰমিত ফাৰ্মখনক কেন্দ্ৰবিন্দু হিচাপে চিনাক্ত কৰা হৈছে আৰু এই কেন্দ্ৰবিন্দুৰ পৰা ১ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰৰ  অঞ্চলটো “সংক্ৰমিত অঞ্চল” হিচাপে চিনাক্ত কৰা হৈছে। লগতে সংক্ৰমিত কেন্দ্ৰবিন্দুৰ পৰা ১০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা গাওঁ সমূহক "নিৰীক্ষিত অঞ্চল" হিচাপে চিহ্নিত কৰা হৈছে।

swine flu