‘মহাত্মা গান্ধীৰ পিছত জনসাধাৰণৰ কথা চিন্তা কৰা একমাত্ৰ নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী’: ৰাজনাথ সিঙৰ মতে মোডীৰ আছে ঐশ্বৰিক শক্তি

‘মহাত্মা গান্ধীৰ পিছত জনসাধাৰণৰ কথা চিন্তা কৰা একমাত্ৰ নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী’: ৰাজনাথ সিঙৰ মতে মোডীৰ আছে ঐশ্বৰিক শক্তি

author-image
asomiyapratidin
New Update
‘মহাত্মা গান্ধীৰ পিছত জনসাধাৰণৰ কথা চিন্তা কৰা একমাত্ৰ নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী’: ৰাজনাথ সিঙৰ মতে মোডীৰ আছে ঐশ্বৰিক শক্তি

ডিজিটেল ডেস্কঃ 'মহাত্মা গান্ধীৰ পিছত যদি কোনো নেতা আছে যিয়ে দেশৰ সাধাৰণ ৰাইজৰ কথা চিন্তা কৰে তেন্তে সেয়া হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।'- এয়া আমি কোৱা কথা নহয়। এই কথা কৈছে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। সোমবাৰে এখন গ্ৰন্থ উন্মোচন কৰি এই কথা কৈছে ৰাজনাথ সিঙে।

জ্যেষ্ঠ সাংবাদিক অজয় সিঙৰ দ্যা আৰ্কিটেক্ট অৱ দ্যা নিউ বিজেপিঃ হাউ নৰেন্দ্ৰ মোডী ট্ৰান্সফৰ্মছ দ্যা পাৰ্টী শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰি ৰাজনাথ সিঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সম্পৰ্কত কৈছে- মহাত্মা গান্ধীৰ পিছত যদি কোনোবা আছে যিয়ে দেশৰ জনসাধাৰণৰ মনোভাৱ বুজি পায়, তেন্তে তেওঁ হৈছে নৰেন্দ্ৰ মোডী। প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁক বিশ্বাস কৰা সকলৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপন কৰে।

ৰাজনাথ সিঙে কয়, মোডীয়ে আদৰ্শৰ সৈতে আপোচ নকৰাকৈ তেওঁৰ উদ্ভাৱনৰ সহায়ত বিজেপিক "নিৰ্বাচন বিজয়ী যন্ত্ৰ" হিচাপে গঢ়ি তুলিছে। তেওঁ কৈছে- 'প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি সাংগঠনিক সামৰ্থ্য, জনসাধাৰণৰ সৈতে সংযোগ স্থাপন আৰু তেওঁলোকৰ অসুবিধাৰ বিষয়ে তৃণমূল পৰ্যায়ৰ বুজাবুজিৰ বাবে বিশ্বৰ আটাইতকৈ জনপ্ৰিয় নেতা হিচাপে আত্মপ্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰী মোডীৰ যি সাংগঠনিক ক্ষমতা আছে সেয়া কোনো ঐশ্বৰিক শক্তি অবিহনে সম্ভৱ নহয় বুলি উল্লেখ কৰি ৰাজনাথ সিঙে কৈছে যে- মোডীৰ জনপ্ৰিয়তাই দেশৰেই নহয় বিশ্বৰ সকলো নেতাক পৰাজিত কৰিছে। ৰাজনাথ সিঙৰ মতে বৰ্তমান সময়ত নৰেন্দ্ৰ মোডী বিশ্বৰ আটাইতকৈ জনপ্ৰিয় নেতা। এই ক্ষেত্ৰত তেওঁ আমেৰিকাৰ সংবাদ প্ৰতিষ্ঠান দ্যা মৰ্ণিং কনচাল্টৰ এক জৰীপৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে এই জৰীপত মোডীয়ে জো বাইডেনকে ধৰি ১২ জন শীৰ্ষ নেতাক অতিক্ৰম কৰিছে।