/asomiyapratidin/media/media_files/2025/06/19/operation-sindhu-2025-06-19-23-14-30.jpg)
ডিজিটেল ডেস্কঃ ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধৰ মাজতে ইৰাণত আবদ্ধ ভাৰতীয়সকলক স্বদেশলৈ ঘূৰাই অনাৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে ‘অপাৰেচন সিন্ধু’। অপাৰেচন সিন্ধুৰ জৰিয়তেই বৃহস্পতিবাৰে পুৱা ইৰাণৰ পৰা ১১০ জন ভাৰতীয় ছাত্ৰ-ছাত্ৰীক দেশলৈ উভতাই অনা হৈছে।
এই একেই অভিযানৰ জৰিয়তে নতুন দিল্লীয়ে ইজৰাইলত আবদ্ধ ভাৰতীয়সকলকো স্বদেশলৈ ঘূৰাই অনাৰ উদ্যোগ গ্ৰহণ কৰিছে।বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা গাইডলাইনত উল্লেখ কৰা হৈছে যে ইজৰাইলৰ পৰা ভাৰতীয়সকলক প্ৰথমে স্থল সীমাইদি নিৰাপদ স্থানলৈ লৈ যোৱা হ’ব।
তাৰ পৰা বিশেষ বিমানেৰে তেওঁলোকক ভাৰতলৈ দেশলৈ ঘূৰাই অনা হ’ব। এই সমগ্ৰ বিষয়টো টেল আভিভত থকা ভাৰতীয় দূতাবাসৰ বিষয়াসকলে তদাৰক কৰিব। গাইডলাইন অনুসৰি ইজৰাইলত আবদ্ধ হৈ থকা যিসকল ভাৰতীয়ই স্বদেশলৈ উভতি আহিব বিচাৰে তেওঁলোকে https://www.indembassyisrael.gov.in/indian_national_reg প’ৰ্টেলৰ জৰিয়তে নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব। তাৰোপৰি যিকোনো বিশেষ সহায়ৰ বাবে টেল আভিভত থকা ভাৰতীয় দূতাবাসত মুকলি কৰা ২৪ ঘণ্টীয়া হেল্পলাইন নম্বৰৰ সৈতে যোগাযোগ কৰিব পাৰিব।
যিকোনো ধৰণৰ সহায় বা প্ৰশ্ন থাকিলে দেশখনত আৱদ্ধ হৈ থকা ভাৰতীয়ই এই হেল্পলাইন নম্বৰত যোগাযোগ কৰিব পাৰিব। ভাৰতীয় সকলৰ সুবিধা হোৱাকৈ মুকলি কৰা হেল্পলাইন নম্বৰ দুটা ক্ৰমে +972 54-7520711, +972 54-3278392 আৰু ইমেইল আইডি cons1.telaviv@mea.gov.in ৰ জৰিয়তে সহায় বা তথ্য লাভ কৰিব পাৰিব।
উল্লেখ্য যে, ৭ দিন ধৰি ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধ অব্যাহত আছে। ইৰাণ-ইজৰাইল যুদ্ধত কপি উঠিছে মধ্যপ্ৰাচ্য। ইৰাণৰ ৰাজধানী তেহৰাণকে ধৰি ইছলামিক দেশখনৰ বিভিন্ন প্ৰান্তত ইহুদী সেনাই তীব্ৰ আক্ৰমণ চলাইছে। বৃহস্পতিবাৰে পুৱাৰে পৰা ইৰাণেও ইজৰাইলৰ ওপৰত মিছাইল আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে।
এই পৰিস্থিতিত যাতে কোনো ভাৰতীয় বিপদত নপৰে তাৰ বাবে ভাৰত চৰকাৰে চেষ্টা চলাইছে। মধ্যপ্ৰাচ্যৰ দুয়োখন দেশৰ যুদ্ধত আবদ্ধ ভাৰতীয়সকলক ঘূৰাই অনাৰ বাবে নতুন দিল্লীয়ে অপাৰেচন সিন্ধু তীব্ৰতৰ কৰি তুলিছে।