/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-07/hpuq5tts/JORHAT web.png)
ডিজিটেল সংবাদ, যোৰহাট: বি চি ৰয় ফুটবল চেম্পিয়নশ্বিপ, চন ১৯৮৪। সেই চনটোতেই যোৰহাটত অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল অৰ্থাৎ দুভৰিৰ যাদুৰ প্ৰতিযোগিতা। সুদীৰ্ঘ দুকুৰি বছৰৰ পাছত শনিবাৰৰ পৰা যোৰহাটত আৰম্ভ হৈছে ‘১৫ বছৰ অনূৰ্ধ্ব ৰাষ্ট্ৰীয় ছাব-জুনিয়ৰ বয়জ (টায়াৰ-২) ফুটবল চেম্পিয়নশ্বিপ’ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতাখন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-07/adtbaqze/6fc670d5-a006-4faa-ad7e-3da248b1b439.jpg)
সৰ্বভাৰতীয় ফুটবল সন্থাৰ উদ্যোগত অসম ফুটবল সন্থাৰ সৌজন্যত আৰু যোৰহাট জিলা ক্রীড়া সন্থাৰ আতিথ্যত যোৰহাট ষ্টেডিয়াম আৰু মৰিয়নীৰ বাপুজী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগা ১৫ বছৰ অনূৰ্ধ্ব ৰাষ্ট্ৰীয় ছাব-জুনিয়ৰ বয়জ (টায়াৰ-২) ফুটবল চেম্পিয়নশ্বিপ প্রতিযোগিতাখন আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে কেন্দ্ৰীয় চৰকাৰৰ বন্দৰ, জল পৰিবহন মন্ত্ৰী তথা অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালে।
অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে অসম ফুটবল সন্থাৰ সভাপতি নৱ কুমাৰ দলে। যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰীয়ে আদৰণি ভাষণ পাঠ কৰা এই অনুষ্ঠানত সাংসদ কামাখ্যা প্ৰসাদ তাচা, বিধায়ক ৰূপজ্যোতি কুৰ্মীকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি। উদ্বোধনী অনুষ্ঠানত স্থানীয় কেইবাখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। দৈনিক দুখনকৈ খেল অনুষ্ঠিত হ’বলগা প্ৰতিযোগিতাখনৰ আজি দুখন খেল অনুষ্ঠিত হয়। প্ৰথম খেলখনত লাক্ষাদ্বীপ আৰু তেলেংগানাৰ মাজত আৰু দ্বিতীয়খন আয়োজক অসম আৰু মধ্য প্ৰদেশৰ মাজত অনুষ্ঠিত হয়।
আজি অনুষ্ঠিত প্ৰথম খেলখনত তেলেংগনাই লাক্ষাদ্বীপক ৭-৩ গ'লৰ ব্যৱধানত পৰাজিত কৰি লীগৰ সম্পূৰ্ণ পইণ্ট অৰ্জন কৰে। খেলখনত তেলেংগনাৰ হৈ খেলৰ চৈয়দ ৰিয়ানে হেটট্ৰিকসহ ব্যক্তিগত ভাৱে ১৫, ৩৪, ৪৫ আৰু ৮২ মিনিটত মুঠ চাৰিটা গ’ল আৰু ফইজল খানে ৬১ আৰু ৬৯ মিনিটত দুটা আৰু মুস্তাফা খানে ৭৫ মিনিটত এটা গ'ল দিয়াৰ বিপৰীতে লাক্ষাদ্বীপৰ হৈ চিনাপ জুনিয়ৰে খেলৰ ৩ মিনিটত, থ'পিকে ১০ মিনিটত আৰু মহম্মদ ইয়াচিনে খেলৰ ৪৭ মিনিটত এটা গ’ল দিয়ে। ইফালে আজিৰ দ্বিতীয়খন খেল অসম আৰু মধ্যপ্ৰদেশৰ মাজত অনুষ্ঠিত খেলখনত অসমে মধ্যপ্ৰদেশক ৬-১ গ’লৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি প্ৰতিযোগিতা আৰম্ভ কৰাৰ লগতে আজি লীগৰ সম্পূৰ্ণ পইণ্ট অৰ্জন কৰে।
উল্লেখযোগ্য যে অতি আকৰ্ষণীয়ভাৱে খেল খেলে অসম দলৰ চেমনীয়া খেলুৱৈ সকলে। খেলখনত অসমৰ হৈ গ’লকেইটা দিয়ে ক্ৰমে ৰাহুল বালমিকীয়ে ৮ মিনিটত, টনময় বৰুৱাই ১৪ মিনিটত, চামুইল দৈমাৰীয়ে ৩৮ আৰু ৪৫ (প্লাচ) মিনিটত দুটা, চাহিৰ কুমাৰে ৪৫ মিনিটত আৰু টামাচ দৈমাৰীয়ে ৭০ মিনিটত গ’ল দিয়াৰ বিপৰীতে মধ্য প্ৰদেশৰ হৈ একমাত্ৰ গ’লটো দিয়ে ৰোহিত কুমাৰে খেলৰ ৯০ মিনিটত।
Also Read: লক্ষ্য যদি স্থিৰ হয়...
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us