দিল্লী, পঞ্জাৱৰ পিছত এইবাৰ ‘আপ’ৰ টাৰ্গেট গুজৰাট…

দিল্লী, পঞ্জাৱৰ পিছত এইবাৰ ‘আপ’ৰ টাৰ্গেট গুজৰাট…

author-image
asomiyapratidin
New Update
দিল্লী, পঞ্জাৱৰ পিছত এইবাৰ ‘আপ’ৰ টাৰ্গেট গুজৰাট…

ডিজিটেল ডেস্কঃ দিল্লী, পঞ্জাৱৰ পিছত এইবাৰ নৰেন্দ্ৰ মোডীৰ গুজৰাটৰ ওপৰত চকু দিছে আম আদমী পাৰ্টিয়ে। শনিবাৰে আহমেদাবাদত কেজৰিৱালৰ সৈতে এক ৰোড শ্ব'ত অংশ লৈ পঞ্জাৱৰ নৱনিযুক্ত মুখ্যমন্ত্ৰী ভগৱন্ত মানে কয়- দিল্লী, পঞ্জাৱৰ পিছত আমি এতিয়া গুজৰাট দখলৰ বাবে প্ৰস্তুত হৈছো। আমি নিশ্চিত যে গুজৰাটৰ সকলো কল্যাণকামী জনতা আমাৰ এই যাত্ৰাত সহযোগ কৰিব।

Advertisment

ক্লিক কৰি পঢ়কঃ অসমীয়া ক'ব নজনা 'ইন্টাৰনেচনেল বিধায়ক' চিৰাজউদ্দিন আজমলে অৱশেষত ক'লে- SORRY

উল্লেখ্য যে, আহমেদাবাদত তিৰংগা শীৰ্ষক এক ৰোড শ্বত অংশ লৈছিল আম আদমীৰ শীৰ্ষ নেতাসকলে। এই ৰেলীত উপস্থিত আছিল অৰবিন্দ কেজৰিৱাল, ভগৱন্ত মানৰ উপৰিও আপৰ প্ৰায় সংখ্যক শীৰ্ষ নেতা। এই ৰোড শ্বৰ মাজতে এক অঘটনো সংঘটিত হল। কেজৰিৱালক সম্ভাষণ জনাই থাকোতে প্ৰায় ৩মহলীয়া অট্টালিকাৰ পৰা এগৰাকী সমৰ্থক পিছলৈ পৰিবলৈ লওঁতেই কোনোমতে প্ৰাণ ৰক্ষা কৰে আপৰ আন সমৰ্থক সকলে।

india bjp narendra modi gujrat arvind kejriwal