ব্লু টিক অতীত ! টুইটাৰত আহি গ'ল গ্ৰে' আৰু গ'ল্ডেন টিক...

ব্লু টিক অতীত ! টুইটাৰত আহি গ'ল গ্ৰে' আৰু গ'ল্ডেন টিক...
ব্লু টিক অতীত ! টুইটাৰত আহি গ'ল গ্ৰে' আৰু গ'ল্ডেন টিক...

ডিজিটেল ডেস্কঃ টেছলাৰ মুৰব্বী ইলন মাস্কে টুইটাৰ অধিগ্ৰহণ কৰাৰ পিছতে ন ন সিদ্ধান্ত আৰু চিন্তাৰে বিশ্বজুৰি চৰ্চাৰ শীৰ্ষত আছে। টুইটাৰক কেন্দ্ৰ কৰি ইতিমধ্যে আৰম্ভ হৈছে বিভিন্ন সম্পৰীক্ষা।

তাৰ মাজতে ঘোষণা কৰাৰ দৰেই ইলন মাস্কে টুইটাৰত মুকলি কৰিলে গ্ৰে টিক. গল্ডেন টিক। পূৰ্বে টুইটাৰত আছিল কেৱল ব্লু টিক। যি বোৰ টুইটাৰ হেণ্ডেল ভেৰি ফাইড আছিল সেইবোৰেহে এই ব্লুটিক লাভ কৰিছিল।

টুইটাৰে নিয়ম সলনি কৰাৰ পিছতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ টুইটাৰ হেণ্ডেলৰ ব্লু টিক সলনি কৰি গ্ৰে টিক কৰা হৈছে। ভাৰত চৰকাৰৰ

আন বহু ভেৰি ফাইড টুইটাৰ হেণ্ডেলৰ ব্লু টিক সলনি কৰি গ্ৰে টিক কৰা হৈছে। একেদৰে সংবাদ এজেঞ্চি এ এন আইকে ধৰি আন বহুতৰে আকৌ ব্লুটিক সলনি কৰি গল্ডেন টিক কৰা হৈছে।

উল্লেখ্য যে, শেহতীয়াকৈ, টুইটাৰে এটা চাবস্ক্ৰিপশ্বন পলিচী প্ৰৱৰ্তন কৰিছিল। য'ত তিনি প্ৰকাৰৰ প্ৰমাণীকৃত টিক ব্লু, গল্ডেন আৰু গ্ৰে টিক দিয়াৰ ব্যৱস্থা কৰা হৈছিল।

টুইটাৰৰ নিয়ম অনুসৰি ব্যক্তিগত প্ৰতিষ্ঠানবোৰৰ বাবে গল্ডেন টিক, চৰকাৰী প্ৰতিষ্ঠানৰ বাবে গ্ৰে টিক আৰু ব্যক্তিৰ বাবে ব্লু টিক দিয়াৰ ব্যৱস্থা কৰা হৈছে।

ঘোষণা অনুসৰিয়েই ১২ ডিচেম্বৰৰ পৰা টুইটাৰে চাবস্ক্ৰিপশ্বন প্লেন মুকলি কৰিছে। ইয়াৰ অধীনত, এণ্ড্ৰইড ব্যৱহাৰকাৰীসকলে প্ৰতিমাহে ৮ ডলাৰ পৰিশোধ কৰিব লাগিব আৰু আইফোন ব্যৱহাৰকাৰীসকলে ১১ ডলাৰ পৰিশোধ কৰিব লাগিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in