Advertisment

অশান্ত মণিপুৰঃ মন্ত্ৰী, বিধায়কৰ লগতে মুখ্যমন্ত্ৰীৰ ঘৰতো আক্ৰমণ...

অগ্নিগৰ্ভা  হৈ পৰা মণিপুৰত পৰিস্থিতিত অধিক অৱনতি ঘটিছে৷ কুকি বিদ্ৰোহীয়ে মেইটেই সম্প্ৰদায়ৰ নিৰীহক টাৰ্গেট কৰি লোৱাত আকৌ এবাৰ দাউদাউকৈ জ্বলি উঠিছে হিংসা জৰ্জৰিত চুবুৰীয়া  ৰাজ্যখন৷ এটি ৮ বছৰীয়া, এটি আঢ়ৈ বছৰীয়া, এটি ১০ মহীয়া কেঁচুৱা আৰু তিনি মহিলাক

author-image
Asomiya Pratidin
New Update
মণিপুৰ

ডিজিটেল ডেস্কঃ অগ্নিগৰ্ভা  হৈ পৰা মণিপুৰত পৰিস্থিতিত অধিক অৱনতি ঘটিছে৷ কুকি বিদ্ৰোহীয়ে মেইটেই সম্প্ৰদায়ৰ নিৰীহক টাৰ্গেট কৰি লোৱাত আকৌ এবাৰ দাউদাউকৈ জ্বলি উঠিছে হিংসা জৰ্জৰিত চুবুৰীয়া  ৰাজ্যখন৷ এটি ৮ বছৰীয়া, এটি আঢ়ৈ বছৰীয়া, এটি ১০ মহীয়া কেঁচুৱা আৰু তিনি মহিলাক অপহৰণ কৰি হত্যা কৰি নদীত মৃতদেহ পেলাই দিয়াৰ পাছতে পুনৰ জ্বলি উঠিছে মণিপুৰ৷

Advertisment

এইবাৰ ক্ষোভৰ অগণি আৰম্ভ হোৱাত বিজেপিৰ নেতা-বিধায়কক আক্ৰমণৰ লক্ষ্য কৰি লৈছে প্ৰতিবাদী জনতাই৷ কেঁচুৱা-কিশোৰীসহ ছয়গৰাকী লোকক হত্যাৰ পাছতে জনতাৰ ধৈৰ্য্যৰ বান্ধ ছিঙি যোৱাত উগ্ৰ হৈ পৰিছে জনতা৷ শনিবাৰৰ দিনটোত জনতাৰ ৰোষত পৰিছে বিজেপিৰ নেতা তথা বিধায়ক৷ উগ্ৰ জনতাৰ ৰূপ দেখি চৰকাৰে পুনৰ সান্ধ্য আইন আৰু ইণ্টাৰনেট সেৱা বাতিল কৰিছে৷

জিৰিবামৰ পৰা সন্ধানহীন হৈ থকা এটি ৮ বছৰীয়া, এটি আঢ়ৈ বছৰীয়া, এটি ১০ মহীয়া কেঁচুৱা আৰু তিনি মহিলাৰ মৃতদেহ উদ্ধাৰৰ বাতৰি বিয়পি পৰাৰ পিছতে বিজেপিৰ নেতা কৰ্মীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৰাইজে৷ হাজাৰ হাজাৰ পুৰুষ-মহিলাই শনিবাৰৰ দিনটোত কেবাগৰাকী বিজেপিৰ বিধায়কৰ ঘৰত আক্ৰমণ কৰিছে৷ ইম্ফল চহৰৰ লগতে কেবাটাও এলেকাত প্ৰতিবাদকাৰীসকলে টায়াৰ জ্বলাই পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে ভিৰ নিয়ন্ত্ৰণহীন হৈ পৰে৷

ৰাজপথত হাজাৰ হাজাৰ লোক ওলাই অহাত  ইম্ফলত প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰাত বিফল হয় আৰক্ষী-অৰ্ধসামৰিক বাহিনী৷ উগ্ৰ প্ৰতিবাগকাৰীয়ে বিজেপি বিধায়কসকলৰ ঘৰত আক্ৰমণ কৰি আচ-বাব লণ্ডভণ্ড কৰে। বিজেপি বিধায়ক আৰ.কে ইমো সিং, এল চুচিন্দ্ৰো মেইটেই, সপম কুঞ্জেকেশ্বৰ সিংৰ লগতে আন কেবাজনো বিধায়কক ভিৰে লক্ষ্য কৰি লয়৷ সেই সময়ত দুই এজম বিধায়ক আৱাসত আছিল যদিও নিৰাপত্তাৰক্ষীয়ে পিছ দুৱাৰেদি ৰাইদৰ আক্ৰোশৰ পৰা ৰক্ষা কৰে বুলি জানিব পাৰ গৈছে৷

তাৰ মাজতে দুই এজন বিধায়ক ঘৰত নাছিল যদিও ঘৰৰ আচ-বাব ভাঙি লণ্ড-ভণ্ড কৰে৷ কেবা ঘণ্টাৰ মূৰকত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়৷ বিজেপি বিধায়ক তথা নেতাসকলৰ নিৰাপত্তা বৃদ্ধি কৰিব পাৰে জানিব পৰা গৈছে৷ ইফালে বিধায়কৰ ঘৰত আক্ৰমণ চলোৱাৰ পিছতে প্ৰতিবাদকাৰীয়ে মুখ্যমন্ত্ৰীৰ বাসভৱনত আক্ৰমণৰ চেষ্টা চলায়। নিৰাপত্তাৰক্ষী তথা আৰক্ষীয়ে পৰিস্থিতি চম্ভালিবলৈ ৮গৰাকী লোকক আটক কৰিছে বুলি জানিব পৰা গৈছে।

ইপিনে মণিপুৰৰ ৰাজধানী ইম্ফল পূব, ইম্ফল পশ্চিম আৰু বিষ্ণুপুৰ জিলাত অনিৰ্দিষ্টকালীন সান্ধ্য আইন জাৰি কৰা হৈছে। ইম্ফল পূব, ইম্ফল পশ্চিম, বিষ্ণুপুৰ, থৌবাল, কেচিং, কাংপোকপি, চুড়াচান্দপুৰ জিলাত ইণ্টাৰনেট আৰু ব্ৰডবেণ্ড আৰু ভিএছএ টি সেৱা দুদিনৰ বাবে বন্ধ ঘোষণা কৰা হৈছে। ইম্ফলত বিজেপি বিধায়কসকলৰ ঘৰত আক্ৰমণৰ পিছতে সান্ধ্য আইন জাৰি কৰাৰ লগতে ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে৷

মণিপুৰ