Advertisment

২০১৯-২০ মূল্যায়ন বৰ্ষৰ পাছত ভাৰতত মহিলা আয়কৰ পৰিশোধকাৰীৰ সংখ্যা ২৫% লৈ বৃদ্ধি : তালিকাৰ শীৰ্ষত মহাৰাষ্ট্ৰ

পূৰ্বৰ মূল্যায়ন বৰ্ষ(এ আই) ২০১৯-২০তকৈ ২০২৩-২৪ত বৃদ্ধি পাইছে আয়কৰ পৰিশোধকাৰী ভাৰতীয় মহিলাৰ সংখ্যা। এটা ৰাষ্ট্ৰীয় সংবাদ সংস্থাই চলোৱা সমীক্ষাত এই তথ্য প্ৰকাশ পাইছে...

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
income

ডিজিটেল ডেস্ক : পূৰ্বৰ মূল্যায়ন বৰ্ষ(এ আই) ২০১৯-২০তকৈ ২০২৩-২৪ত বৃদ্ধি পাইছে আয়কৰ পৰিশোধকাৰী ভাৰতীয় মহিলাৰ সংখ্যা। এটা ৰাষ্ট্ৰীয় সংবাদ সংস্থাই চলোৱা সমীক্ষাত এই তথ্য প্ৰকাশ পাইছে। 

Advertisment

সমীক্ষা মতে ভাৰতৰ মুঠ ১.৮৩ কোটি মহিলাই ২০১৯-২০ মূল্যায়ন বৰ্ষত আয়কৰ ৰিটাৰ্ণ দাখিল কৰিছিল আৰু এই সংখ্যা ২৫ শতাংশ বৃদ্ধি পাই ২০২৩-২৪ৰ মূল্যায়ন বৰ্ষত ২.২৯ কোটি লৈ বৃদ্ধি হয়। উল্লেখযোগ্য যে প্ৰতিটো বছৰৰ মূল্যায়ন বৰ্ষ ১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈকে ধৰা হয়। 

আনহাতে বিত্ত মন্ত্ৰালয়ৰ তথ্য অনুসৰি আয়কৰ পৰিশোধকাৰী মহিলাৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰ আছে শীৰ্ষত। ৰাজ্যখনৰ সৰ্বাধিক ৬.৮৮ লাখ মহিলাই পৰিশোধ কৰিছে আয়কৰ। ৰাজ্যখনৰ ২০১৯-২০ৰ মূল্যায়ন বৰ্ষত আয়কৰ পৰিশোধকাৰী মহিলাৰ সংখ্যা আছিল- ২৯.৯৪ লাখ। ২০২৩-২৪ত এই সংখ্যা বৃদ্ধি হয় ৩৬.৮৩ লাখলৈ।

income tax