Advertisment

মণিপুৰৰ ৬খন আৰক্ষী চকী এলেকাত 'আফস্পা' বলৱৎ

মণিপুৰৰ ৬খন আৰক্ষী থানাৰ অধীনৰ এলেকালৈ সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন ১৯৫৮ৰ ধাৰা ৩-ৰ অধীনত 'অশান্ত অঞ্চল' হিচাপে ঘোষণা কৰা হয় আৰু ২০২৫ ৰ ৩১ মাৰ্চলৈকে 'আফস্পা' অব্যাহত ৰখা হ'ব

author-image
Asomiya Pratidin
New Update
মণিপুৰ

ডিজিটেল ডেস্কঃ  অগ্নিগৰ্ভা মণিপুৰত বিগত এসপ্তাহে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। বিশেষকৈ জিৰিবাম অঞ্চলত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হৈছে। কেন্দ্ৰীয় চৰকাৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অশান্ত মণিপুৰত পুনৰ 'আফস্পা' (Armed Forces (Special Powers) Act) বলৱৎ কৰিছে।

Advertisment

ৰাজ্যখনৰ ৫খনকৈ জিলাৰ ৬খন আৰক্ষী থানাৰ অধীনৰ এলেকালৈ সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন ('আফস্পা')বলৱৎ কৰা হৈছে। ইয়াৰোপৰি বৰ্তমান ৰাজ্যখনত কেন্দ্ৰীয় সশস্ত্ৰ অৰ্ধসামৰিক বাহিনীৰ (চি এ পি এফ) ২০টা অতিৰিক্ত কোম্পানী প্ৰেৰণ কৰিছে চৰকাৰে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে বৃহস্পতিবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, জিৰিবাম, ইম্ফল ইষ্ট, ইম্ফল ৱেষ্ট জিলা, কাংপকপি আৰু বিষ্ণুপুৰ জিলাত 'আফস্পা' জাৰি কৰা হৈছে।

উল্লেখযোগ্য যে,মণিপুৰৰ ৬খন আৰক্ষী থানাৰ অধীনৰ এলেকালৈ সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন ১৯৫৮ৰ ধাৰা ৩-ৰ অধীনত 'অশান্ত অঞ্চল' হিচাপে ঘোষণা কৰা হয় আৰু ২০২৫ ৰ ৩১ মাৰ্চলৈকে 'আফস্পা' অব্যাহত ৰখা হ'ব ।

 

মণিপুৰ