মঙলদৈত আফ্ৰিকান ছোৱাইন ফিভাৰঃ ১৩০ টা গাহৰি নিধন পশু চিকিৎসা বিভাগৰ

গাহৰি পালনেৰে স্বাৱলম্বী হোৱাৰ সপোন দেখা কেইবাজনো উদীয়নাম গাহৰি পালকৰ ফাৰ্মৰ ছোৱাইন ফ্লুত আক্ৰান্ত গাহৰিক নিধন কৰা দৃশ্যই তেওঁলোকক হতাশ কৰি তুলিছে। 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
মঙলদৈত আফ্ৰিকান ছোৱাইন ফিভাৰঃ ১৩০ টা গাহৰি নিধন পশু চিকিৎসা বিভাগৰ

ডিজিটেল সংবাদ, মঙলদৈঃ শেহতীয়াকৈ মঙলদৈত আফ্ৰিকান ছোৱাই ফ্লুৰ সংক্ৰমণে জটিল ৰূপ ধাৰণ কৰিছে। ফলত গাহৰি পালকসকল চিন্তিত হৈ পৰিছে। গাহৰি পালনেৰে স্বাৱলম্বী হোৱাৰ সপোন দেখা কেইবাজনো উদীয়নাম গাহৰি পালকৰ ফাৰ্মৰ ছোৱাইন ফ্লুত আক্ৰান্ত গাহৰিক নিধন কৰা দৃশ্যই তেওঁলোকক হতাশ কৰি তুলিছে। 

Advertisment

মঙলদৈৰ কমাৰপাৰৰ দিপক চহৰীয়া, জগত ডেকা, দুৰ্লভ ডেকা, ভৱেন ডেকা আৰু হৃদয়ানন্দ ডেকাৰ গাহৰি ফাৰ্মত আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হোৱা প্ৰায় ১৩০ টা গাহৰি পশু চিকিৎসকৰ এটা দলে বুধবাৰে নিধন কৰি গাতত পুতি থয়। 

এই ১৩০ টা গাহৰিৰ ভিতৰত প্ৰায় ৪০ টা গাহৰিয়েই আছিল গৰ্ভৱতী। গাহৰি পালনেৰে স্বাৱলম্বী হোৱাৰ সপোন দেখা এইসকল গাহৰি পালকৰ সপোন এইদৰেই সমাধিস্ত হোৱাত এতিয়া মূৰে কপালে হাত দিছে। 

তেওঁলোকৰ এই ক্ষতিয়ে আৰ্থিকভাৱেও যথেষ্ট জুৰুলা কৰি তুলিছে। সেয়ে তেওঁলোকে পশু চিকিৎসা বিভাগৰ পৰা উপযুক্ত ক্ষতি পূৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সুৰক্ষাৰ বাবে আগতীয়াকৈ গাহৰিক ভেকচিন প্ৰদান কৰিবলৈ আহ্বান জনাইছে। 

গাহৰি পালন মঙলদৈ