বৰপেটাত আফ্রিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ

জনসাধাৰণক গাহৰিৰ মৃতদেহ মুকলি পথাৰ, জলভাগ বা অন্যান্য উন্মুক্ত ঠাইত পেলোৱাতো কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইয়াৰ উপৰিও আক্ৰান্ত অঞ্চলৰ এক কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত চাৰিজন বা তাতকৈ অধিক লোকৰ সমাৱেশত বাধা আৰোপ কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
বৰপেটাত আফ্রিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ

বৰপেটাত আফ্রিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ

ডিজিটেল সংবাদ, বৰপেটাঃ শেহতীয়াকৈ বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত নিজচেঙা গাঁওৰ বামপাৰত আফ্ৰিকান ছোৱাইন ফিভাৰৰ আক্ৰান্ত গাহৰি সংক্ৰমণ বৃদ্ধি পাইছে। বুধবাৰে কেইবাটাও গাহৰি জ্বৰত আক্ৰান্ত হৈ থকাত পশু  চিকিৎসকৰ দল এটি গৈ গাহৰি পালকৰ ঘৰত উপস্থিত হৈ নমুনা সংগ্ৰহ কৰি গুৱাহাটীলৈ প্ৰেৰণ কৰে। 

ইফালে অধিক সংক্ৰমণ ৰোধ কৰিবলৈ বৰপেটা জিলাৰ সকলো বজাৰ আৰু ৰাজহুৱা স্থানত গাহৰি, গাহৰিৰ পোৱালি, গাহৰিৰ মাংস আৰু আনুষংগিক সামগ্ৰীৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে চলাচল কৰাৰ বাহিৰে জিলাখনৰ ভিতৰত আৰু বাহিৰত গাহৰিৰ পৰিবহণ নিষিদ্ধ ঘোষণা কৰিছে প্ৰশাসনে। ইতিমধ্যে বৰপেটা জিলা প্ৰশাসনৰ তৰফৰ পৰা এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰা হৈছে। আইপিচিৰ অধীনত ১৮৮ নং ধাৰাত এই নিয়ম উলংঘা কৰিলে দণ্ডনীয় হ'ব বুলি উল্লেখ কৰা আছে নিৰ্দেশনাত।

জনসাধাৰণক গাহৰিৰ মৃতদেহ মুকলি পথাৰ, জলভাগ বা অন্যান্য উন্মুক্ত ঠাইত পেলোৱাতো কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইয়াৰ উপৰিও আক্ৰান্ত অঞ্চলৰ এক কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত চাৰিজন বা তাতকৈ অধিক লোকৰ সমাৱেশত বাধা আৰোপ কৰা হৈছে। উল্লেখ্য যে, নিজচেঙা গাঁওৰ বামপাৰৰ পশু পালক দেৱ কুমাৰ দেৱে সদৰি কৰা অনুসৰি, বিগত ৭ বছৰে গাহৰি পালনৰ লগত জড়িত আৰু ৩৫ টাকৈ গাহৰি পালন কৰি আছিহি ।

বৰপেটা